মুৰিঘন্ট বগা কোমোৰাৰে
-ৰঞ্জিত নাথ
উপকৰণ=
• ২ টা মাছৰ মুৰ (২৫০ গ্ৰাম)
• ১/৪ বগা কোমোৰা
• ১ চামুচ নহৰু পেষ্ট
• ৩ চামুচ আদা ৰস
• ৫ টা মান কেঁচা জলকীয়া
• ১ টা শুকান জলকীয়া
• ১/২ কাপ কলা খাৰ
• তেল,নিমখ,হালধি জোখমতে লব ।
প্ৰণালী =
মাছ মুৰ ২ টা সৰুকে কাটি লব ।
কোমোৰ মিহিকে কুটি লব ।
তেল গৰম কৰি মাছ মুৰ ভাজিব । মাছখিনি ভাজি খৰখৰিয়া হলে শুকান জলকীয়া ,নহৰু পেষ্ট,কেঁচা জলকীয়া দি অলপ সময় ভাজি কোমোৰাখিনি দিব । লগতে নিমখ,এচিকুত হালধি দিব (ঐচ্ছিক) আৰু কলা খাৰ দিব । ভাল দৰে লৰাই ঢাকোন দিব । মাজতে চাব পানী লাগিলে দিব পাৰে । সিজি থুপথুপিয়া হলে আদা ৰস দি লৰাই নমাই পৰিবেশন কৰিব ।

Comments
Post a Comment