ভাপত দিয়া পাভমাছ
- নিতুমণি দাস শৰ্মা
উপকৰন:
• পাভ মাছ ২০০ গ্ৰাম
• পিয়াঁজ ১ টা পিহি লোৱা
• বগা সৰিয়ঁহ পিহিলোৱা ৩ চাহ চামুচ
• আদা নহৰু পিহি লোৱা ১ চাহ চামুচ
• কেচাঁ জলকীয়া ২ টা পিহি লোৱা
• গোটা জলকীয়া ৪ বা ৫ টা
• নিমখ,হালধী জোখমতে
• সৰিয়ঁহ ৰ তেল চাহ চামুচ
প্ৰনালী:
পাভ মাছ খিনি পৰিস্কাৰ কৰি লৈ ধুই লব | তাৰ পিছত এটা পাত্ৰত মাছ খিনিৰ লগত ওপৰৰ উল্লেক্ষিত সকলো সামগ্ৰী একে লগে সানি এটা ষ্টিল বা এনুমিলিয়ামৰ ঢাকনি থকা পাত্ৰত মাছ খিনি ঢালি লৈ ঢাকনি খন লগাই দিব |
এতিয়া গেছত কুকাৰ টো পাতি কুকাৰত পানী ১ গিলাচ দিব আৰু তলত ষ্টিলৰ ষ্টেণ্ড এডাল পাতি লব আৰু ষ্টেণ্ড ডালত পাত্ৰ টো বহুৱাই কুকুাৰৰ হুইচেল টো খুলি ঢাকনিখন মাৰি ১৫/২০ মিনিট কম জুইত সিজাই লব আৰু কুকাৰটো ঠাণ্ডা হলে পাত্ৰটো উলিয়াই ঢাকনি খুলি অলপ কেচাঁ মিঠা তেল ওপৰত দি পৰিবেশন কৰিব |

Comments
Post a Comment