অসমৰ থলুৱা ব্যঞ্জন
আদাৰ ৰসৰ লগত মাছৰ জোল
-নিলাক্ষী বৰা
সামগ্ৰী-
• আদা ১০০গ্ৰাম
• ডাঙৰ মাছ তিনিটুকুৰা
• মিঠাতেল৫০মিলিলিটাৰ
• নিমখ প্ৰযোজন অনুসৰি
• হালধী চাহচামুচৰ আধা চামুচ
• কালজিৰা অকণমান
• জলকীয়া গুৰি, জীৰাগুৰি চাহচামুচৰ আধাচামুচ
• মানধনীয়াৰ পাত এমুঠি
• কেচাজলকীয়া দুটা
• পানী নিজৰ জোখমতে
প্ৰণালী-
আদা টুকুৰা কৰি লৈ পতাত পিচি চেকনীৰে চেকি ৰস ওলিয়াই ললো| এটা কেৰাহী গেছত বহুৱাই গেছ জ্বলাই কেৰাহী গৰম কৰি মিঠাতেল দি নিমখ আৰু হালধি সানি ৰখা মাছ ভাজি লৈ সেই তেলতে কালজিৰা দি অকণমান সময় ৰৈ তাতে জীৰা, জলকীয়া আৰু হালধি গুৰি দি অকণমান পানী দি লৰাই থাকিলো |
যেতিয়া মচলাৰ পৰা তেল নিগৰিল তেতিয়া আদাৰৰস দি লগতে নিমখ আৰু কেচাজলকীয়া ফালি দি গৰম পানী একগিলাচ দি তিনি মিনিট মান উতলাই মাছ তিনিটুকুৰা দি ঢাকনমাৰি পুনৰ চাৰি পাচ মিনিটমান উতলাই ঢাকন আতৰাই মানধনীয়া মিহিকৈ কাটি দি গেছ বন্ধ কৰি ঢাকন মাৰি তিনিমিনিট মান ৰাখিলো |তেতিয়া ধনীয়াৰ গোন্ধ বৰ ধুনীয়া কৈ ওলায় তাৰ পাচত পৰিবেশন কৰি গৰম গৰম ভাতৰ লগত খাবলৈ দিলো|




Comments
Post a Comment