পুঠিমাছ, বিলাহী আৰু খৰিছাৰ পিতিকা আৰু
হাতীভেকুৰীৰ পিতিকা
- চুমু মুনমি গগৈ
১.পুঠিমাছ ,বিলাহীআৰু খৰিছাৰ পিতিকা :
উপকৰন: ১.পুঠিমাছ ৯ জনী
২.খৰিছা এচামুচ
৩.বিলাহী এফাল
৪.ভোটজলকীয়া এফাল
৫.মিঠাতেল ১ চামুচ
৬.নিমখ আন্দাজত
৭.ধনীয়া ২ ডালমান
৮.পিয়াজঁ এটা
৯.আদাৰুকা ১চামুচ
পাত্ৰ এটা আগতীয়াকৈ জুইত পুৰি চাফা কৰি লোৱা পুঠিমাছখিনি,সৰুকৈ কুটি লোৱা বিলাহী,পিয়াজঁ,ভোটজলকীয়া,খৰিছা,নিমখ,তেল,কুটি লোৱা ধনীয়া আদি সকলোবোৰ ভালদৰে মিহলাই পিতিকিলো |
২.হাতীভেকুৰীৰ পিতিকা :
উপকৰন: ১.হাতীভেকুৰী ২মুঠি
২.আচাৰৰ তেল এচামুচ
৩.পিয়াজঁ ১টা
৪.জলকীয়া ১টা
৫.নিমখ আন্দাজত
হাতীভেকুৰী কেইমুঠি বইল কৰি ললো, এতিয়া হাতীভেকুৰীখিনিত নিমখ, আচাৰৰ তেল,কটা পিয়াজঁ,জলকীয়া দি ভালদৰে পিতিকিলো |
Comments
Post a Comment