কাচকলৰ চৰাইৰ বাহঁ
- তৃষ্ণা কলিতা
উপকৰন:
কাচকল দুটা (সিজাই লোৱা )
আটা এক কাপ
পিয়াজ এটা (মিহিকৈ কটা )
ধনীয়া এক মুঠি (মিহিকৈ কটা )
নিমখ সোৱাদ মতে
জালুক গুৰা এক চামুচ
জিৰা গুৰা ,গৰম মচলা মিলাই এক চামুচ
চেৱৈ দুই কাপ
পনীৰ ২০০ গ্ৰাম
ভাজিবলৈ তেল
প্ৰনালী:
কাচকল ,পিয়াজ ,ধনীয়া ,জিৰা গুৰা ,জালুক গুৰা আধা চামুচ ,গৰম মচলা ,সোৱাদত নিমখ মিহলাই মিহিকৈ পিটিকা বনাই ললো |আটা খিনি নিমখ ,পানী মিলাই ডাঠ ঘোল বনাই ললো |পিতিকা খিনি হাতৰ তলুৱাত বল বনাই মাজতো গাত কৰি লৈ আটাৰ ঘোলত ডুৱাই চেৱৈত লেটিয়াই গৰম তেলত ডুৱাই ৰঙচুৱাকৈ ভাজিলো |পনীৰ খিনি মিহিকৈ পিতিকি অকনমান নিমখ আৰু জালুক গুৰা আধা চামুচ মিলাই সৰু বল বনাই ললো | পনীৰৰ বল কেইটা আটাৰ ঘোলত ডুৱাই ৰঙচুৱাকৈ ভাজিলো | নেস্টৰ মাজত পনীৰৰ বল কেইটা দি পৰিবেশন কৰিলো |


Comments
Post a Comment