Stuffed-potli
পূৰ দিয়া পোটলি
- প্ৰিয়া সেন
এইটো কিনতু মোৰ নিজৰ ৰেচিপি আৰু নাম টু নিজে দিলো। আগতে লৰা ছোৱালী দুটাক গধূলি বেলেক বেলেগ কিবা বনাই দিব লাগে একেই টিফিন খাই ভাল নাপায় বুলি কিবা কিবি অনেকে বনাও আৰু ।পিছে আজিকালি তেলৰ বস্তু খাব বেয়া পায় কাৰনে বিশেষ একো নৱনাও।
এতিয়া আহো ৰেচিপিলৈ।
উপকৰণ---
মৈদা ২কাপ , ৰেফাইন তেল ২চামুচ , নিমখ আৰু কুসুমিওয়া পানী আন্দাজ মতে।
পোটলি খিনি ভাজিবলে ৰিফাইন তেল ২০০ গ্ৰাম।
আলু ২টা বইল ,,কণী ২টা বইল ,,বিলাহী ১টা ডাঙৰ ,, ধনীয়া পাত ,, কেঁচা জলমিয়া আৰু নিমখ
প্ৰণালী----
প্ৰথমে মৈদাখিনি মাৰি লৈ ২০মিনিট ঢাকোন মাৰি ৰাখিব।
এতিয়া ষ্টাফিং ত বাবে আলু কণী পিটিকি লৈ জলকীয়া ধনীয়া বিলাহী কোটি নিমখ দি সানি লব।
তাৰ পিছত মৈদাৰ সৰু সৰু লাড়ু বনাই লুচীৰ নিচিনা বেলি আলু ষ্টোফিং দি পোটলিৰ আকাৰ বনাই ৰিফাইন তেলত ভাজি লব বাদমী ৰং হোৱা লৈ কম জুইত।
ইয়াত পিয়াঁজ নিদিলো কাৰণ পিয়াঁজ দিলে কণীৰ গোন্ধ টু গুচি যায় । আপোনালোকে দিব পাৰে ।

Comments
Post a Comment