পালেং কাবুলিবুটৰ টিক্কা
-নিতুমনী দীস শৰ্মা
উপকৰন...
৪ জনৰ বাবে
কাবুলিবুট ২০০ গ্ৰাম
পালেংশাক ২ মুঠি
আদা,নহৰুৰ পেষ্ট১/২ চাহ চামুচ
চাটমছলা,আমচুৰ পাউদাৰ,জিৰা,জলকীয়াৰ গুৰি ১/২ চাহ চামুচকৈ
বেচন ৩ চাহ চামুচ
শুকান ব্ৰেড ৰ গুৰি
নিমখ জোখমতে
ৰিফাইন তেল প্ৰায় ৫ চাহ চামুচ
প্ৰনালী...
প্ৰথমতে কাবুলিনবুট খিনি কুকাৰত পানীৰ সৈতে ৩ টা চিটি মাৰি সিজাই লব | তাৰ পিছত পালেং খিনি পৰিস্কাৰকৰি ধুই লব | তাৰ পিছত ৬ মিনিট মান কেৰাহীত সিজাই পানী আঁতৰাই অলপ ঠাণ্ডাপানীত তিয়াই লৈ হাতেৰে পানী আটি লব আৰু মিক্সাৰত ত কেচাঁজলকীয়া এচিকুচ নিমখৰ লগত পেষ্ট কৰি লব | এতিয়া এটা ঘূৰনীয়া পাত্ৰত সিজোৱা বুট খিনি হাতেৰে ভালদৰে মিহিকৈ পিতিকি লব | তাৰ পিছত তাতে পালেং ৰ পেষ্ট,জিৰা,জলকীয়া,,আমচুৰ পাউদাৰ,চাটমচলাৰ গুৰি,নিমখ,বেচন,ব্ৰেডৰ গুৰি দি ভালদৰে হাতেৰে সানি লাডুৰ দৰে বনাই মাজতে হেছি চেপেটা কৰি ঘূৰনীয়া আকাৰ দিব | প্ৰতিটো তেনেদৰে বনাই গেছত ফ্ৰাইপেনত তেল অলপ অলপ কৈ দি কবাব বোৰ ইলুতি সিলুতি কৰি কম জুইত সিজাই নমাই চচৰ লগত পৰিবেশন কৰিব গধূলীৰ চাহ কাপ ৰ লগত |

Comments
Post a Comment