চিতল মাছৰ কালিয়া
-নিলাক্ষী বৰা
সামগ্ৰী-
চিতল মাছ চাৰিপিচ
বিলাহী এটা পিয়াজ এটা
আদা এটুকুৰা নহৰু কেইফুটামান
দৈ চাৰিচামুচ
গোটাজীৰা কেইটামান
তেজপাত দুটা
শুকান জলকীয়া চাৰিটা
কাজু পোন্ধৰ টা মান
জীৰা ধনীয়া জলকীয়া গুৰি আধাচামুচকৈ
নিমখ হালধি জোখমতে
চেনী আধাচামুচ
গৰম মচলাৰ গুৰি আধাচামুচ
মিঠাতেল ৫০গ্ৰাম
প্ৰণালী-
মাছ কেইপিচ ধুই নিমখ হালধি সানি কেৰাহী গৰম কৰি মিঠাতেল দি ভাজি ললো|
আদানহৰু কেচাজলকীয়া একেলগে মিলাই পিচি ললো কাজুকেইটা টিয়াই অলপ দেৰি ৰাখি পিচি ললো|
বিলাহী পিচি ললো পিয়াজ পিচি লৈ পুনৰ মাছ ভজা কেৰাহী গৰম কৰি সেই তেলতে গোটাজীৰা তেজপাত শুকান জলকীয়া ৰ ফূৰণ দি তাতে জলকীয়া গুৰি আদানহৰু পিচা হালধি মিলাই অলপ সময় ভাজি পিয়াজ পিচা দি চাৰিমিনিট মান ভাজি পিচা বিলাহী দি লগতে ফেটী লোৱা দৈ কাজুৰ পেস্ট দি পুনৰ পোন্ধৰ মিনিট মান ভাজিলো|
যেতিয়া মচলাৰ পৰা তেল বাহিৰ হল তেতিয়া একমগ গৰম পানী দি নিমখ চেনী দি লগতে মাছ দি ঢাকন মাৰি পাচছয় মিনিট ৰাখি লো তাৰপাচত গৰম মচলাৰ গুৰি দি নমাই পৰিবেশন কৰিলো|

Comments
Post a Comment