Skip to main content

ন বিধ অতিকৈ সোৱাদযুক্ত আৰু ঘৰতে বনাব পৰা পুডিং ৰেচিপি - নিলাক্ষী বৰা


ন বিধ অতিকৈ সোৱাদযুক্ত আৰু ঘৰতে বনাব পৰা পুডিং ৰেচিপি - নিলাক্ষী বৰা
নিলাক্ষী বৰা


1/ চকলেট কাস্টাদপুডিং

সামগ্ৰী--
• গৰুগাখীৰ একলিটাৰ
• চেনী একাপ
• কাস্টাদপাউদাৰ দুচামুচ
• চকলেট এটা
• ভেনিলা এঞ্চেচ চাৰিটোপাল

প্ৰণালী--
একলিটাৰ গাখীৰ গৰম কৰি আধালিটাৰ কৰি লৈ দুভাগত কৰিলো| এভাগত একচামুচ কাস্টাদপাউদাৰ গাখীৰত গুলি ললো আৰু এটা ভাগত গলাই লোৱা চচলেটৰ লগত একচামুচ কাস্টাদপাউদাৰ গাখীৰত মিলাই ললো| এটা চচপেনত আধাগাখীৰ দি উতলাই চেনী দি লগতে কাস্টাদপাউদাৰ মিলাই ভেনিলা এঞ্চেচ দুচামুচ মিলাই ডাঠ কৰি নমাই এটা বাচনত ঢালি দিলো আনহাতে আৰু এটা চচপেনত গাখীৰ গৰম কৰি উতলাই চেনী দি লগতে মিশ্ৰণ খিনি ভেলিনা এঞ্চেচ দি ডাঠ কৰি নমাই একে বাচনতে ঢালি দি ঠাণ্ডা কৰি ফ্ৰীজত আধাঘন্টা মান ৰাখি বাচনটো ওলোটাই দি মিশ্ৰণ খিনি ওলিয়াই পৰিবেশন কৰিলো|


2/ ডালিমৰ পুডিং

সামগ্ৰী---1/ডাঙৰডালিম এটা
               2/চেনী একাপ
               3/বাটাৰ দুচামুচ
              4/জিলেটিন পাউদাৰ দুচামুচ

প্ৰণালী--
ডালিমৰ গুটি এৰুৱাই মিস্কিত দি ৰস উলিয়াই চেকনীৰে চেকি ললো| এটা ননস্টিক পেনত ৰস খিনি দি লৰাই লৰাই উতলাই তাতে চেনী দি পুনৰ লৰাই থাকিলো| প্ৰায় পাচ ছয় মিনিট মান যেতিয়া অলপ ডাঠ হোৱা দেখিলো তেতিয়া অকনমান পানীৰে গুলি ৰাখা জিলেটিন পাউদাৰ মিলাই লৈ ভালকৈ লৰাই বাটাৰ দি মিলাই নমাই বাচনত ঢালি দি ঠাণ্ডা কৰি ফ্ৰীজত একঘন্টামান ৰাখি পৰিবেশন কৰিব লাগে | অতি কম সময়তে হৈ যায় এই ডালিমৰ পুডিং মাএ পোন্ধৰ মিনিট মানত|



3/ জামুৰ জেলী

উপকৰণ--
• একপোৱা জামু
• চেনী ২০০গ্ৰাম
• জিলেটিন পাউদাৰ দুচামুচ
• পানী দুগিলাচ

প্ৰণালী--
জামৰ গুটি এৰুৱাই পেস্ট বনাই পানী মিলাই চেকী লৈ গৰম কেৰাহীত দি উতলাই চেনী দি পুনৰ উতলাই তাত পানী দি গুলি লোৱা জিলেটিন দি ২মিনিট উতলাই  নমাই অলপ ঠাণ্ডা কৰি এটা পাএত ঘি সানি লৈ তাতে দি ঠাণ্ডা হলে ফীজ্ৰত ২ঘন্টা মান ৰাখিব লাগে|  ৰুটিৰ লগত খাবলৈ ভাল লাগে|


4/Apple_milkpudding
আপেল গাখীৰৰ পুডিং

সামগ্ৰী-- 1/ আপেল দুটা
               2/চেনী একাপ
               3/দালচেনীপাউদাৰ দুচামুচ
               4/কনফ্লৰ দুচামুচ
              5/গাখীৰ 250ml
              6/পানী আধাকাপ

প্ৰণালী--
প্ৰথমতে আপেলৰ বাকলি এৰুৱাই পিচকৰি ললো| এটা ননস্টিক পেনত আপেল খিনি দি গেছ জ্বলাই তাতে আধাকাপ চেনী আৰু দালচেনীপাউদাৰ দি দুইমিনিট লৰাই পানী দি অকণমান সময়ৰ বাবে ঢাকন মাৰি দিলো| আনহাতে এটা চচপেনত গাখীৰ উতলাই লৈ আগতে গুলি ৰাখা কণফ্লৰ আৰু চেনী দি অলপ ডাঠ কৰি নমালো|  আপেলৰ ঢাকনি আতৰাই চোৱাত আপেল গলি যোৱা দেখি নমালো| এটা গিলাচত প্ৰথমতে আপলৰ মিশ্ৰণ অলপ দি গাখীৰৰ মিশ্ৰণ দি পুনৰ আপেলৰ মিশ্ৰণ দি পৰিবেশন কৰিলো|


5/ orange_cocount milk pudding
কমলা নাৰিকল আৰু গাখীৰৰ পুডিং

সামগ্ৰী--
• নাৰিকলৰ গাখীৰ একপোৱা
• চেনী এশগ্ৰাম
• জিলেটিন পাউদাৰ চাৰিচামুচ
• কমলাৰৰস একমগ
• কমলা ৰঙৰ ফোদকালাৰ কেইটোপাল মান

প্ৰণালী--
নাৰিকল ৰুকি পানী মিলাই চেকী গাখীৰ ওলিয়াই ললো| এই ননস্টিক পেনত গাখীৰ খিনি দি উতলাই তাত চেনী আৰু গুলি ৰাখা জিলেটিন মিলাই ডাঠ কৰি নমালো| আন এটা ননস্টিক পেনত কমলাৰ ৰস দি উতলাই চেনী আৰু জিলেটিন মিলাই ডাঠ কৰি লৈ ফুদকালাৰ মিলাই নমালো| তাৰপিছত এটা বাচনত প্ৰথমতে কমলাৰ ৰস দি তাৰপিছত নাৰিকল গাখীৰ ঢালি ঠাণ্ডা কৰি ফ্ৰীজত ৰাখি আধাঘন্টা ৰ পাছত ওলিয়াই পৰিবেশন কৰিলো |



6/ Caramal custard pudding_eggless
কণীবিহীন কেৰামেল কাচটাৰ্ড পুডিং

সামগ্ৰী--
• দৈ একাপ
• creamএকাপ
• মিল্কমেইদ এটা কাপৰ তিনিভাগ
• ভেলিনা এঞ্চেচ চাৰিটোপাল
• custard পাউদাৰ একচামুচ

প্ৰণালী--
চাৰিওটা সামগ্ৰী একেলগ মিলাই অকণমান ফেটী লৈ ভেলিনা এঞ্চেচ মিলাই ললো| এটা ননস্টিক কেৰাহীত তিনিচামুচ চেনী দি অলপ সময় লৰাই ৰঙচুৱা কৰি এটা কেকবনোৱা বাচনত ঢালি দি লৰাই দি ঠাণ্ডা কৰি মিশ্ৰণ খিনি ঢালি দিলো| এটা চচপেনত মিশ্ৰিত খিনি থকা পাএটোৰ হিচাপত আধা পানী দি গৰম কৰি মিশ্ৰণ ৰ পাএটো ফয়ল পেপাৰে মেৰিয়াই দি কম জুইত বিশ পচিশ মিনিট মান ভাপত দি  ঠান্দা কৰি ওলোটাই দি পৰিবেশন কৰিলো|



7/ Egg caramel pudding
কণী কেৰামিল পুডিং

সামগ্ৰী--  • 1/কণী এটা
               • 2/মিল্কমেইদ একাপ
               • 3/ভেনিলা এঞ্চেচ পাচটোপাল
               • 4/চেনী দুচামুচ পানী আধাচামুচ(কেৰামেলৰ বাবে)

প্ৰণালী--
প্ৰথমতে এটা এলুমুনিয়ামৰ বাচনত ঘিউ অকণমান সানি ললো| এখন ননস্টিক পেনত চেনী দুচামুচ দি লগতে পানী আধাচামুচ দি ৰঙচুৱা কৰি এলুমুনিয়ামৰ বাচনত ঢালি ৰাখিলো| আনহাতে এটা পাএত কণী ভাঙি লৈ তাতে মিল্কমেইদ ভেনিলা এঞ্চেচ মিলাই ফেটী লৈ এলুমুনিয়ামৰ বাচনত ঢালি দিলো| এটা কেৰাহীৰ বাচনৰ আধা পানী দি অলপ গৰম কৰি এলুমুনিয়ামৰ বাচন টো ফয়ল পেপাৰে বন্ধ কৰি কেৰাহীত বহুৱাই দি প্ৰায় 20মিনিট ৰাখি নমাই পৰিবেশন কৰিলো |


8/ অনাৰসৰ পুডিং

সামগ্ৰী--
• আনাৰস এফাল 
• চেনী একাপ
• জিলেটিন পাউদাৰ দুচামুচ 
• বাটাৰ দুচামুচ
• স্ট্ৰৰবেৰী জেলী পাউদাৰ আধা পেকেট
• সজাবৰ বাবে জেমচ আৰু চকলেট

প্ৰণালী--
আনাৰসৰ ৰস উলিয়াই ননস্টিক পেনত দি ভালকৈ উতলাই তাতে চেনী আৰু বাটাৰ মিলাই অলপ ডাঠ কৰি জিলেটিন পাউদাৰ মিলাই ডাঠ কৰি এটা বাচনত বাটাৰ সানি লৈ ঢালি দিলো| আনহাতে পানী উতলাই স্ট্ৰবেৰী  জেলী মিলাই আনাৰসৰ ওপৰত ঢালি দি অলপ ঠাণ্ডা কৰি ফ্ৰীজত দুঘন্টা থৈ পৰিবেশন কৰিলো|


9/ গাখীৰৰ পুডিং

সামগ্ৰী--
• ডাঠ দৈ একাপ
• ক্ৰীম একাপ
• মিল্কমেইদ একাপ
• গাখীৰ আধাকাপ
• কণফ্লৰ দুচামুচ
• ইলাচী পাউদাৰ অকণমান

প্ৰণালী--
ওপৰত উল্লেখ কৰা সকলো সামগ্ৰী এটা বাচনত লৈ ভালৈ মিলাই এটা ঘিউ সানি লোৱা বাচনত ঢালি দি বাচনৰ মোখখন ফয়ল পেপাৰ দি মেৰিয়াই ললো |
এটা চচপেনত যিটো বাচন লৈছো তাৰ আধা পানী দি অলপ গৰম কৰি বাচনটো চচপেনত বহুৱাই দি ঢাকন মাৰি মধ্যমীয়া জুইত পশিচমিনিটমান ভাপত দি চাব, আগে এখন কটাৰীৰ আগৰে মিশ্ৰণ টোত ভৰাই যদি হৈ যায় তেতিয়া কটাৰীত একো নালাগে আৰু যদি মিশ্ৰণ খিনি অকনমান লাগি আহে পুনৰ দহমিনিট মান দি নমাই ঠাণ্ডা কৰি একঘন্টামান ফ্ৰীজত থৈ এখন প্লেটত ওলোটাই দি পৰিবেশন কৰিলো |

Comments

Popular posts from this blog

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অম...

হালধী কিয় খাব লাগে

  গছৰ মূলৰ পৰা হোৱা হালধী অতিজৰে পৰাই খাদ্যত ব্যবহাৰ হোৱাৰ লগতে প্ৰসাধন সামগ্ৰী, কাপোৰত ৰং কৰাৰে পৰা নানা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যবহৃত হৈ আহিছে |  কৰকিউমিন (curcumin) হৈছে হালধীত নিৰ্হিত হৈ থকা এবিধ সক্ৰিয় উপাদান| ই এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াৰ প্ৰজ্বলক বিৰোধি (এণ্টি ইনফ্লেমেটৰি) গুণো আছে | ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰাই হালধী ব্যবহৃত হৈ আহিছে| বিভিন্ন খাদ্য ৰেচিপিত ৰং আৰু সোৱাদৰ বাবে হালধীৰ ব্যবহাৰ কৰাৰ লগতে গাখীৰত হালধী দি খোৱাৰো নিয়ম আছে | হালধী কেঁচা আৰু গুৰি দুয়োটা ৰূপতে ভাৰতীয় ৰন্ধনশৈলীত ব্যবহৃত হৈ আহিছে | খাদ্যত ৰং আৰু সোৱাদ বঢ়োৱাৰ লগতে নানান স্বস্থ্যজনিত কাৰনতো হালধী খাব লাগে| হালধীৰ গুণবোৰ তলত উল্লেখ কৰিলো : হালধীয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত সহায় কৰে | হালধীত থকা Lipopolysaccharide নামৰ উপাদান বিধত এণ্টি-বেকটেৰিয়েল, এণ্টি-ভাইৰেল আৰু এণ্টি-ফানগেল গুণ আছে যিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে|  হালধী এবিধ প্ৰকৃতিক এণ্টিচেপটিক হিচাপেও কাম কৰে | কটা, জ্বলা আৰু ঘা হলে হালধীৰ পেষ্ট লগালে সুফল পোৱা যায় |  কাৰোবাৰ হজম শক্তি কমি আহ...

বিস্কুটৰ কেক

  এই ৰেচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব) বিস্কুটৰ কেক  এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি সহজ| তলত ৰেচিপি দিলো - বিস্কুটৰ কেক | Biscuit Cake Recipe in Assamese  📎 Course :  Dessert  📎Cuisine :  Continental  🔪Preparation Time :  15 minutes ♨Cooking Time :  35 minutes 🕞Total :  50 minutes INGREDIENTS: 1 কাপ বিস্কুটৰ গুৰি বা টুকুৰা  1/2 কাপ ময়দা 2 টা কণী 1/2 কাপ গুৰি চেনি 1/2 কাপ নিমখীয়া নোহোৱা বাটাৰ বা ৰিফাইন তেল 1 টেবুল চামুচ ক'ক পাউদাৰ 1 টেবুল চামুচ বেকিং পাউদাৰ METHOD: বিস্কুটৰ টুকুৰাবোৰ ভালদৰে গ্ৰাইণ্ডাৰত মিহিকৈ পিচি লব| ডাঙৰ বাতি এটাত কণী ফেটি লব| বাটাৰ বা ৰিফাইন তেল দি ভালদৰে মিহলাই লব| এটিয়া বিস্কুটৰ গুৰি, ময়দা, বেকিং পাউদাৰ, চ...

অসমীয়াৰ প্ৰিয় আলু পিটিকা

  Aloo Pitika  আলু পিটিকা  একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা  mashed potato.  কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক  আলু চৌখা  বুলি কয় | অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়| অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু  কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহব...

Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব

  Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব : 1. শাক-পাচলি বা ফলমূল পৰিষ্কাৰ কৰাৰ আগতে নিজৰ হাত দুখন ভালদৰে চাবুনেৰে ধুই লোৱাতো খুবেই প্ৰয়োজন কাৰন আপোনাৰ হাতখনো নানা বিজানুৰ কাৰক হব পাৰে | কমেও 20 চেকেণ্ড চাবুনেৰে হাত ঘঁহিহে পৰিষ্কাৰ পানীৰে ধুব লাগে | 2.শাক-পাচলী বা ফলমূল প্ৰবাহীত পানীত (running water) ভালদৰে ধুব লাগে| হাতেৰে ভালদৰে ঘঁহি ঘঁহি বোকা বা লেতেৰা বোৰ আতৰাই দিব লাগে| 3. শাক-পাচলি বা ফলমূল ধোৱাৰ ক্ষেত্ৰত চাবুন বা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিব নালাগে | অৱশ্যে বজাৰত শাক-পাচলি ধোৱা vegetable and fruit wash liquid  ওলাইছে | যদিহে ই ক্ষতিকাৰক নহয় তেনেহলে ব্যৱহাৰ কৰিব পাৰে| 4. প্ৰয়োজন হলে ব্ৰাচ বা স্পঞ্জ ব্যৱহাৰ কৰিব পাৰে | পাচলি বা ফলৰ বেয়া (damage)  অংশ বোৰ কাটি পেলাব | 5. কটাৰি খনো কেতিয়াবা নানা বিজানুৰ বাহক হব পাৰে| সেয়ে ব্যৱহাৰ কৰাৰ আগতে চাবুনেৰে (dish wash)  ধুই লব|

সহজ নাৰিকলৰ কেক

  কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি  অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক  বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো| নাৰিকলৰ কেক , য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম | বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে | বিস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |  খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো | সহজ নাৰিকলৰ কেক | No-Bake Easy Frozen Coconut Cake  📎 Course :  Dessert  📎Cuisine :  Co...

মটৰ ঘুগুনি

  ঘুগুনি বা মটৰ ঘুগুনি হৈছে শুকান হালধীয়া বা সেউজীয়া মটৰেৰে বনোৱা এখন আঞ্জা | ঘুগুনিক এনেও খাব পাৰি বা ইয়াক ৰুটীৰ লগতো পৰিবেশন কৰিব পাৰি | বহু ঠাইত দেখা যায় যে ঘুগুনীক ৰাস্তাৰ খাদ্য (street food)  হিচাপেও বিক্ৰী কৰা হয় |  ঘুগুনিৰ প্ৰস্তুত প্ৰনালী তেনেই সহজ |তলত ৰেচিপিটো আগবঢ়ালো -  মটৰ ঘুগুনি :   🔪প্ৰস্তুতিৰ সময় :  15 মিনিট ♨ৰন্ধাৰ সময় :  25 মিনিট  🕞সম্পূৰ্ণ সময় :  40 মিনিট উপকৰন: 2 কাপ হালধীয়া মটৰ এটা পিয়াজ মিহিকৈ কটা 1/2 চামুচ আদা নহৰু বটা 2-3 চামুচ দৈ 1/2 চাহ চামুচ জীৰা গুৰী 1/2 চাহ চামুচ ধনীয়া গুৰী 1/2 চাহ চামুচ ৰঙা গুৰী জলকীয়া 1/2 চাহ চামুচ গৰম মছলা  1/2 চাহ চামুচ হালধী নিমখ জোখ মতে 2 চামুচ মিঠাতেল কেঁচা জলকীয়া, পিয়াজ সৰু এটা আৰু অলপ ধনিয়া পাত মিহিকৈ কটা, পৰিবেশনৰ বাবে প্ৰনীলী:  প্ৰথমতে হালধীয়া মটৰ কমেও চাৰি ঘন্টাৰ বাবে পানীত তিয়াই থব | মটৰ ফুলিলত ভালকৈ ধুই লব| প্ৰেচাৰ কুকাৰত মটৰ আৰু দুকাপ পানী বা প্ৰয়োজন অনুসৰি পানী দি দুই-তিনিটা সুইচেল দি সিজাই লব| এতিয়া কেৰাহী গৰম হব দি তেল দিব | তেল গৰম হলে আদা নহৰু বটা আৰু পিয়াজ দি অলপ স...

লাল চাহৰ সৈতে ছাগলীৰ মাংস - শিৱানী সাধনীদাৰ

mutton with black tea ছাগলী মাংস লাল চাহৰ সৈতে বনাবলৈ দেউতাই শিকাইছিল যিদিনা প্ৰথম বাৰ মাংস বনাবলৈ শিকিছিলোঁ😊 লাগতিয়াল সামগ্ৰী সমূহ: ছাগলী(পাঠা)৫০০ গ্ৰাম আধা চামুচ কৈ জিৰা আৰু ধুনীয়া আৰু কেইটামান জালুক  শিলপতাত পিহি লৈছোঁ। নিমখ হালধি আন্দাজ মতে | আদা ৰচুন পেষ্ট ২চামোচ।(এইখিনিও শিলপতাত পিহি লৈছোঁ) লং ২তা, ইলাচি ২তা, এডোখৰ ডালচেনি, তেজপাত ২খিলা। ভাজিবলৈ মিঠাতেল। পিয়াজ ৪তা ডাঙৰ অলপ মিহিকৈ কাটি লোৱা | লাল চাহ ১কাপ।(without suger ...লাল চাহ দিলে খুউব সুন্দৰ ৰং হয়) বনুৱাৰ পদ্ধতি: এখন কেৰাহীত খুউব ভালদৰে মিঠাতেল গৰম কৰি লং ইলাচি আৰু ডালচেনি দি গোন্ধ ওলালে কাটি থোৱা পিয়াজ খিনি  দি ৰঙচুৱা হোৱাকৈ ভাজিব। অলপ দেৰি ভজাৰ পাছত আদা ৰচুন পেষ্ট খিনি দি আৰু কেঁচা গোন্ধ আতঁৰালৈকে ভাজিব। এতিয়া পিহি থোৱা মচলা খিনি দি আৰু ৪মিনিট মান ভাজিব। নিমখ হালধি খিনি দিব। বৰ বেছি মচলা ব্যৱহাৰ কৰা নাই ।আটাইখিনি খুব ভালদৰে ভাঁজ খোৱাৰ পাছত মাংস দিব। মাংস দি প্ৰায় আধা ঘন্টা লৰাই লৰাই ভাজি থাকিব। এতিয়া তাতে লাল চাহ কাপ দি দিব।আকৌ ভাজিব ৫মিনিট।যিহেতু ছাগলী মাংস সোনকালে নিসিজে সে...

পনীৰ পালেংৰ পকৰী - নিতুমনি দাস শৰ্মা

spinech_paneer_fritters পনীৰ পালেংৰ পকৰী - নিতুমনি দাস শৰ্মা উপকৰন... ৩ জনৰ বাবে পনীৰ ১৫০ গ্ৰাম পালেং শাকৰ ডাঙৰ পাত ১৫ /১৬ খিলা ময়দা ১ কাপ কৰ্ণফ্লৰ পাউদাৰ ১ চাহ চামুচ জিৰা,জালুক,শুকান জলকীয়াৰ গুৰি ১/২ চামুচ কৈ নিমখ,জোখমতে ৰিফাইন তেল ১৫০ গ্ৰাম প্ৰনালী... পনীৰ বোৰ কিউব আকাৰত কাটি লব | পালেং ৰ পাতৰ হিচাপ মতে কিউব ১৫/১৬ টা ৰাখিব | তাৰ পিছত পালেং শাকৰ মুঠিৰ পৰা ডাঙৰ পাত বোৰ ঠাৰি কাটি পাত বোৰ পৰিস্কাৰ কৰি ধুউ লব আৰু গৰম পানীত পাত কেইখিলা দি দিব | গৰম পানীত ১ মিনিট মান সময় ৰাখি উঠাই ঠাণ্ডা আইচৰ পানীত ৫ মিনিট সময় ৰাখিব | তাৰ মাজতে ধূৰনীয়া পাত্ৰ এটি ত ময়দা,কৰ্ণফ্লৰ,নিমখ,জিৰা,জালুক,জলকীয়াৰ গুৰি মিলাই পানীৰে এটা ঘোল বনাই লব | বেছি পনীয়া নকৰিব | এতিয়া পালেং ৰ পাত এটা এটা কৈ উঠাই পাতৰ মাজত পনীৰৰ কিউব এটা এটা কৈ বহুৱাই পাত টো পনীৰৰ চাৰিওফালে মেৰিয়াই দিয়ক | এনেদৰে আটাই বোৰ তৈয়াৰ কৰি লওক | তাৰ পিছত ননষ্টিকৰ কেৰাহীত তেল গৰম কৰি মিডিয়াম জুইত  মচমছিয়া কৈ ভাজি নমাওক আৰু পৰিবেশন কৰক একাপ ইলাচি দিয়া চাহ ৰ লগত |

প্ৰতিদিনে আমাৰ শৰীৰত কিমান পানীৰ প্ৰয়োজন

   প্ৰতিদিনে আমি কিমান পানী খোৱা উচিত ? ইয়াৰ উত্তৰ হিচাপে নিশ্চয় আমি কৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছো যে দৈনিক আমি দুই লিটাৰ বা আঠ গ্লাচ পানী খাব লাগে | কিন্তু পানী খোৱাৰ পৰিমান ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে | যি সকলে অত্যাধিক শাৰিৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা বেছি হব পাৰে| যি সকলে সূৰ্য্যৰ প্ৰখৰ ৰদত পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা দিনতো শীত-তাপ কোঠাত অতিবাহিত কৰা লোক এজনৰ লগত নিমিলিবও পাৰে | সেয়েহে পানী খোৱাৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধিব পৰা নাযায়, শৰীৰৰ প্ৰয়োজন অনুসৰি পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়| National Academics of Science Engineering and Medicine  ৰ মতে এজন প্ৰপ্তবয়স্ক লোকৰ শৰীৰত প্ৰয়োজনীয় পানীৰ পৰিমান পুৰুষৰ ক্ষেত্ৰত : 3.7 লিটাৰ মহিলাৰ ক্ষেত্ৰত : 2.7 লিটাৰ কিন্তু এই পানীৰ পৰিমান কেৱল যে পানী খায়ে পূৰ কৰিব লাগে তেনে নহয় | আমি গ্ৰহণ কৰা অন্যান্য খাদ্য আৰু পানীয়ৰ যোগেদিও এই প্ৰয়োজনীয়তা পূৰণ হয় যেনে : বিভিন্ন ফলমূল, ফলৰ ৰস, চাহ, গাখীৰ ইত্যাদি | আমি আমাৰ দেহত প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰাবলৈ খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ পিছৰ পানী...