#প্ৰতিযোগীতাৰ বাবে
সন্ধিয়াৰ চাহৰ জুতি
Cheese Raw Banana Balls
চিজি কাচকল বলচ
- পম্পী শৰ্মা খাওন্দ
উপকৰণ ------
কাচকল ----5/6টা (বয়ল কৰি লোৱা)
বেছন ----2 চামুচ
চুজি ----2চামুচ
চিজ ---জোখ অনুপাতে
কেঁচা ধনীয়া পাত--- 1মুঠি (কুটি লোৱা )
কেঁচা জলকীয়া ----2/3টা (কুটি লোৱা )
আদা ---1 টুকুৰা (মিহিকৈ কুটি লোৱা )
পিয়াঁজ ---1/2টা (কুটি লোৱা )
জীৰা গুৰি, মিট মছলা, চাট মছলা, জলকীয়া গুৰি, নিমখ,হালধি ---জোখ অনুপাতে ।
ৰিফাই তেল ---জোখ অনুপাতে ।
প্ৰণালী ------
প্ৰথমে এটা পেচাৰ কুকাৰত কাচকল কেইটা বাকলিৰ সৈতে দুই টুকুৰা কৰি বয়ল কৰি লব।কাচকল কেইটা ঠান্ডা হলে বাকলি গুচাই লব।
এতিয়া এটা বাউলত বয়ল কৰি লোৱা কাচকল খিনি লৈ ভালদৰে হাতেৰে পিটিকি মিহি কৰি লব ।এতিয়া কাচকল খিনিৰ লগত বেছন,চুজি,পিয়াজঁ,শুকান মছলা খিনি,ধনীয়া পাত,নিমখ এই সকলোবোৰ বস্তূ দি একে লগ কৰি ভালদৰে সানি লওক । এতিয়া এটা এটা কৈ লাডু বনাই লব। কাচকলৰ লাডুটো বনাওতে মাজত এক টুকুৰা টুকুৰাকৈ চিজ ভৰাই লৈ ৰিফাইন তেলত ফ্ৰাই কৰক । এতিয়া ৰেডি হৈ যোৱা কাচকল বল কেইটা টমেট চচ দি গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক ।
(এই কাচকলৰ বল ল'ৰা ,ছোৱালীক স্কুললৈ টিফিনত ভৰাই দি পঠাব পাৰে। খাবলৈ টেষ্টি পাব আৰু ভোক গুচিব)

Comments
Post a Comment