Skip to main content

দেওবৰীয়া বিশেষ এসাজঁ - দেৱশ্ৰী ৰাজবংশী হাজাৰী



দেওবৰীয়া বিশেষ এসাজঁ -
দেৱশ্ৰী ৰাজবংশী হাজাৰী

#খৰিকাত দিয়া গাহৰি মাংস#লাই শাকৰ লগত গাহৰি#ওলকবিৰ লগত মাটিডালিৰ খাৰ#নহৰু পাতৰ লগত বেঙেনা পিটিকা

পিটিকাৰ বাহিৰে কতো তেল দিয়া নাই৷

ৰেচিপি-


 খৰিকাত দিয়া গাহৰি  :আধা সিজোৱা গাহৰি মাংসত জোখমতে নিমখ,জলকীয়া গুৰি সানি খৰিকাত দিছো৷

 লাই শাকৰ লগত গাহৰি মাংস(তেল নিদিয়া) :


কুকাৰত  অলপ নিমখ,পানী দি মাংস এটা সুহুৰি অহালৈ সিজাইছো৷তাৰপাছত পানী পেলাই দি কুকাৰতে কম জুইত জোখমতে নিমখ দি ১৫ মিনিট সময় ভাজিছো৷তেল উলোৱাত কুটি লোৱা পিয়াঁজ,থেতালি লোৱা আদা,নহৰু ,ভোট জলকীয়া দিছো৷১০ মিনিট সময় পাছত  এমুঠি লাই শাক ধুই হাতেৰে ভাঙি দিছো৷ লাই সিজি ধুনীয়া গোন্ধ ওলোৱাত  ধনিয়া পাত চটিয়াই নমাইছো

মাটিদালিৰ খাৰ :


গোটা মাটি ডালি   শুকান কেৰাহীত ধুনীয়া গোন্ধ ওলোৱালৈ প্ৰায় ১০ মিনিট সময় ভাজিছো৷কুকাৰত উতলি থকা পানীত ডালি খিনি,জোখমতে নিমখ, কাটি লোৱা ওলকবি দি এটা সুহুৰি অহালৈ সিজাইছো৷তাৰপাছত কুকাৰৰ ঢাকোন খুলি জোখমতে কলখাৰ থেতালি লোৱা আদা,নহৰু,জলকীয়া দি কম জুইত ১০ মিনিট সিজাই ধনিয়া পাত চটিয়াই নমাইছো৷

বেঙেনা পিটিকা :


 পুৰি লোৱা বেঙেনা এটা বাকলি গুচাই মিহিকে কুটা পিয়াজঁ,আদা,নহৰু পাত,জলকীয়া,ধনিয়া পাত জোখমতে নিমখ,খাটি সৰিয়হ তেল দি পিটিকিছো৷
#deboshrirajbongshi

Comments

Popular posts from this blog

ৰোগ প্ৰতিৰোধক শক্তি বঢ়োৱা পানীয় খাদ্য

কিছুমান খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখে| যি সকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোক সহজে কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হব নোৱাৰে| ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আমি আমাৰ আহাৰত কিছুমান এনে খাদ্য খাব লাগে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে| খাদ্যৰ লগতে কিছুমান পানীয় খোৱাতো অত্যন্ত জৰুৰী যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে| তলত তেনে কিছুমান পানীয়ৰ কথা উল্লেখ কৰিলো : 01. গ্ৰীণ টি গ্ৰীণ টিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ মূলতে হৈছে ইয়াত থকা এণ্টিঅক্সিডেন্ট গুণটো|  বৰ্তমান কৰুণা মহামাৰীৰ এই সময়ছোৱাত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰীণ টি নিয়মিত সেৱন কৰা উচিত।  গ্ৰীণ টিৰ ৰেচিপি ভিডিঅ তলৰ লিংকত পাব https://youtu.be/uJtPhY7j2wg 02. চালকুঁৱৰী/ এল'ভেৰা চৰ্বত এল’ভেৰা(চালকুঁৱৰী) জুচ বা চৰ্বত অতিজৰে পৰা আয়ুৰবেদিক টনিক বা ঔষদত ব্যবহৃত হৈ আহিছে | বহুতো ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এলভেৰা জুচে শৰীৰৰ পোষণশক্তি বঢ়োৱাত সহায় কৰে| এল'ভেৰা জুচ কিদৰে প্ৰস্তুত কৰিব পাৰি ৰেচিপি ভিডিঅ'টো লিংকত ক্লিক

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অমিতাৰ খাৰ বৰ জন

পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা ) - নীলাক্ষী বৰা

বিহু আহি পদূলি মুখ পালেহিয়ে, সেয়েহে আগতীয়াকৈ পিঠাকেইটা মান বনালো জুতি লবলৈ| পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা ) - নীলাক্ষী বৰা সামগ্ৰী-- কেচাপিঠাগুৰি 200গ্ৰাম   ৰঙালাউৰ টুকুৰা এটা   গুৰ100গ্ৰাম (মনগলে কম বেছি কৰিব পাৰে )  নিমখ একচিকুত প্ৰণালী--- প্ৰথমতে ৰঙালাউ টুকুৰা  বাকলি গুচাই টুকুৰা কৰি সিজাই লৈ হাতেৰে মোহাৰি লৱ| তাতে নিমখ দি অলপ অলপ কৰি পিঠাগুৰি যোগকৰি এটা মিশ্ৰণ তৈয়াৰ কৰি লৱ| এটা কেৰাহীত মিঠাতেল গৰম কৰি তাতে মিশ্ৰণ খিনিৰ পৰা অকণ অকণ লৈ ঘিলাপিঠাৰ আকৃতি দি কমজুইত ভাজি ললো|  বেলেগ এটা কেৰাহীত গুৰু খিনি দি তাতে পানী একাপ দি উতলাই অলপ ডাঠ কৰি বনোৱা পিঠা খিনি তাত জুবুৰিয়াই দি পাচমিনিটমান উতলাই ঢাকন মাৰি ঠাণ্ডা হবলৈ দিলো|   ঠাণ্ডা হোৱাৰ পিচত অলপ গুৰৰৰসত মিলি যায় এই পিঠা খাবলৈ বৰ সোৱাদ হয় এই ৰঙালাউৰ পিঠা| 

চিতল মাছৰ কালিয়া -নিলাক্ষী বৰা

চিতল মাছৰ কালিয়া -নিলাক্ষী বৰা সামগ্ৰী- চিতল মাছ চাৰিপিচ  বিলাহী এটা  পিয়াজ এটা আদা এটুকুৰা নহৰু কেইফুটামান দৈ চাৰিচামুচ গোটাজীৰা কেইটামান তেজপাত দুটা শুকান জলকীয়া চাৰিটা কাজু পোন্ধৰ টা মান জীৰা ধনীয়া জলকীয়া গুৰি আধাচামুচকৈ নিমখ হালধি জোখমতে চেনী আধাচামুচ গৰম মচলাৰ গুৰি আধাচামুচ  মিঠাতেল ৫০গ্ৰাম প্ৰণালী- মাছ কেইপিচ ধুই নিমখ হালধি সানি কেৰাহী গৰম কৰি মিঠাতেল দি ভাজি ললো|  আদানহৰু কেচাজলকীয়া একেলগে মিলাই পিচি ললো কাজুকেইটা টিয়াই অলপ দেৰি ৰাখি পিচি ললো| বিলাহী পিচি ললো পিয়াজ পিচি লৈ পুনৰ মাছ ভজা কেৰাহী গৰম কৰি সেই তেলতে গোটাজীৰা তেজপাত শুকান জলকীয়া ৰ ফূৰণ দি তাতে জলকীয়া গুৰি আদানহৰু পিচা হালধি মিলাই অলপ সময় ভাজি পিয়াজ পিচা দি চাৰিমিনিট মান ভাজি পিচা বিলাহী দি লগতে ফেটী লোৱা দৈ কাজুৰ পেস্ট দি পুনৰ পোন্ধৰ মিনিট মান ভাজিলো|  যেতিয়া মচলাৰ পৰা তেল বাহিৰ হল তেতিয়া একমগ গৰম পানী দি নিমখ চেনী দি লগতে মাছ দি ঢাকন মাৰি পাচছয় মিনিট ৰাখি লো তাৰপাচত গৰম মচলাৰ গুৰি দি নমাই পৰিবেশন কৰিলো| 

ৰহদৈ আৰু ভূট জলকীয়া দি বনোৱা মাছৰ জোল - পম্পী শৰ্মা খাওন্দ

ৰহদৈ আৰু ভূট জলকীয়া দি বনোৱা মাছৰ জোল - পম্পী শৰ্মা খাওন্দ উপকৰণ - ভাঙোন মাছ ----4/5 টা ৰহদৈ ----3টা (দীঘলীয়া কৈ কাটি লোৱা ) আলু ----1টা  (বয়ল কৰি লোৱা ) ভূট জলকীয়া ---1/আধা টুকুৰা কুজি ঠেকেৰা ----2 টুকুৰা পাঁচ ফোৰন -----1চামুচ চেনী ---1চামুচ তেল, নিমখ, হালধি ----জোখ অনুপাতে । প্ৰণালী-  মাছ কেইটা ধুই নিমখ,হালধি সানি ফ্ৰাই কৰি লব। এতিয়া এখন কেৰাহি ত তেল দি পাঁচ ফোৰন দিব । লগত কাটি লোৱা ৰহদৈ,বয়ল আলু আৰু নিমখ,হালধি,চেনী, ভূট জলকীয়া,কুজি ঠেকেৰা  দি ভালদৰে ল'ৰাই ধাকি সিজিবলৈ দিব। যেতিয়া পাচলি খিনি সিজিব তেতিয়া হিচাপ মতে পানী দি মাছ কেইটা দি ভালকৈ উতলিবলৈ দিব । ভালদৰে উতলি মাছৰ জোল খন যেতিয়া ডাঠ হব । তেতিয়া নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক । খাবলৈ খুব টেষ্টি হয় । এটা টেঙা মিঠা আৰু জলা টেষ্ট আহে।

মগু দাইলৰ পকৰী - তৃষ্ণা বৰফুকন

মগু দাইলৰ পকৰী - তৃষ্ণা বৰফুকন উপকৰণ - • মগু দাইল ১ কাপ • কেচা ধনীয়া পাত মিহিকৈ কটা ৩ চামুচ • পিয়াজ সৰুকৈ কটা ১ টা • জলকীয়া ১ টা সৰুকৈ কটা • আদা সৰু ১ টুকুৰা সৰুকৈ কটা • ভাঙি লোব়া জীৰা কৈইটামান • নিমখ • মিঠাতেল প্ৰনালী- মগুদাইল খিনি ১ ঘন্টা মান তিয়াই থলো| দাইল খিনি মিক্সিত দিলো|  তাতে আদা জীৰা দি পেষ্ট কৰি ললো | পেষ্ট খিনি এটা বাচনত উলিয়াই ললো, তাতে বাকি সকলো খিনি দি এটা কোমল পেষ্ট বনাই ললো| কেৰাহিত তেল দি কম জুইত গৰম হবলৈ দিলো| দাইলৰ মিশ্ৰনটো এচামুচ এচামুচ দি দিলো| যেতিয়া ৰঙচুব়া হৈ মচমচীয়া হৈ পৰিল নমাই দিলো| 

ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল -চুমু মুনমি গগৈ

ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল -চুমু মুনমি গগৈ উপকৰন : পৰিবেশন ৪ জনৰ বাবে                  সময় ৪০ / ৫০ মিনিট ১. গাহৰি : ডেৰ পোৱা ২.ঔটেঙা : এটা ৩.ভোটজলকীয়া : আধাফাল ৪.মানধনীয়া : ১২ খিলা ৫.নহৰু :১০ কোঁহ ৬.আদা : এটুকুৰা ৭.নিমখ : আন্দাজত ৮.জালুক : আধা চাহ চামুচ ৰন্ধনৰ প্ৰনালী :     গাহৰিখিনি নিজৰ পছন্দৰ জোখত কাটি কুকাৰত ২ টা চিটি মৰাই সিজালো | ঔ টেঙাটো চকলিয়াই ওপৰৰ ডাঠ বাকলিখিনি আৰু বিজটো আতৰাই টুকুৰা কৰি ললো | নহৰু, জালুক আৰু আদাখিনি থেতেলিয়াই ললো |    এতিয়া লোহাৰৰ কেৰাহীত পানী এবাতি উতলিব দিলো | পানীখিনি উতলাত থেতেলিওৱা নহৰু আৰু আদাখিনি দিলো , ১ মিনিটমানৰ পাছত টুকুৰা কৰি ৰখা ঔ টেঙা খিনি দি ঢাকন মাৰি দিলো | ৫ মিনিটমানৰ  পাছত কেৰাহীত সিজোৱা গাহৰিখিনি দিলো | এতিয়া মাংসখিনি ঢাক যোৱাকৈ কুহুমীয়া পানী দি  ঢাকন মাৰি ২০ বা ২৫ মিনিটমান মধ্যমীয়া জুইত সিজিব দিলো , নমোৱাৰ ৩ মিনিটমানৰ আগত জালুক আৰু মানধনীয়াখিনি চিঙি টুকুৰা কৰি মাংসত চটিয়াই দি অলপ সময়ৰ বাবে আকৌ ঢাকন মাৰি নমাই ৰাখিলো | এই মাংস গৰম ভাতৰ লগত পৰিবেশন কৰা হয় | বিশেষকৈ আহোমসকলৰ মাজত এই সিদ্ধ অত

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ উপকৰণ = • ১ কেজি ব্ৰইলাৰ • ১ বাটি কুটি লোৱা গাজ • ১ চামুচ আদা,নহৰু পেষ্ট • ১/২ কাপ কুটি লোৱা পিয়াঁজ • ১ চামুচ জিৰা গুৰি • ২ চামুচ ধনীয়া গুৰি • ১ চামুচ পাঁচ ফূৰণ • ৩ টা শুকান জলকীয়া • ৬ টা মান কেঁচা জলকীয়া • তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ  পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া  দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন উপকৰণ- আটা মথাৰ বাবে-   পালেং শাক ১ মুঠি  আটা ৩ কাপ  নিমখ আন্দাজ মতে  জনী আধা চামুচ  চাট মছলা আধা চামুচ  ৰিফাইন তেল ৩চামুচ  গৰম পানী আন্দাজ মতে আলু পিটিকা -         আলু ৪টা ( সিজাই লোৱা)        ধনীয়া পাত এক মুঠি (কোটি লোৱা)        নহৰু কোষ ৬/৭ টা ( কোটি লোৱা)        জলকীয়া গুৰি এক চামুচ        চাট মছলা এক চামুচ        নিমখ জোখ মতে প্ৰণালী-       প্ৰথমতে উতলা পানীত পালেং শাক দি 2মিনিট ঢাকি ৰাখিব। তাৰ পিছত ঠাণ্ডা পানী দি ধুই লব আৰু মিক্সিত পেষ্ট বনাই লব। তাৰ পিছত ওপৰত দিয়া শুকান সকলো সামগ্ৰী মিলাই লৈ পালেং পেষ্ট আৰু গৰম পানী অলপ অলপ কে দি মথি লব। এতিয়া আলু খিনিৰ লগত দিয়া সকলো সামগ্ৰী একে লগে সানি লব। তাৰ পিছত আটা খিনি  একে চাইজৰ লাড়ু বনাই লৈ এটা এটা কে লাড়ু বেলি তাত আলু ষ্টাফিং ভৰাই অলপ বহলকে বেলি লৈ পৰঠা ভাজি ঘি লগাই গৰমে  গৰমে টমেট চচ ৰ লগত পৰিবেশন কৰিব।