পলাকাইলো
- আশানীনা বৰপাত্ৰ গোহাঁই
পলাকাইলো অন্ধ্ৰপ্ৰদেশৰ এটা জনপ্ৰিয় চটপটা স্নেক্চ।
প্রয়োজনীয় সামগ্ৰী -----
2 কাপ চাউলৰ গুৰি অলপ শুকানে ভাজি লোৱা।
বগা মাটি দাইল আৰু বুটৰ দাইল আধা কাপ কৈ,
শুকানে কেৰাহীত মৰমৰীয়াকৈ ভাজি, মিক্সিত মিহিকৈ গুৰি কৰি লোৱা,
দৈ দুই টেবুল চামুচ,
মৈয়ানৰ বাবে 3 বা 4 টেবুল চামুচ গৰু ঘিঁউ বা ৰিফাইন, এটা পিয়াঁজ মিহিকৈ কুটি লোৱা,
অলপ কূটি লোৱা ধনিয়া পাত,
ছিলি ফ্লেক্ছ,
এচামুচ ৰষ্টেদ বগা তিল,
নিমখ, হালধি অকনমান ,
অকনমান হিং।
বনোৱা পদ্ধতি ------
গোটেই সামগ্ৰী খিনি ডাঙৰ পাত্ৰ এটাত লৈ মিহলাই, হাতেৰ মোহাৰি মোহাৰি মৈয়ান দিলো। কুহুমীয়া পানী অলপ অলপকৈ দি মিশ্ৰণ খিনি আটা সনা দি সানি ললো। সেমেকা কাপোৰ এখনেৰে আধাঘন্টা সময় ঢাকি থলো। পিছত সৰু সৰুকৈ বল বনাই হাতেৰে হেঁচি হেঁচি অলপ দীঘলীয়া আকাৰ দি থালী এখনত থৈ গলো। সেমেকা কাপোৰ এখনেৰে ঢাকি থলো। পিছত ৰিফাইনত মধ্যমীয়া জুইত মচমচীয়া কৈ ভাজি ললো। টমেট চচৰ লগত পৰিৱেশন কৰিলো। এই স্নেক্চটো গৰমে গৰমে খাই বেছি ভাল লাগে।

Comments
Post a Comment