লোকেল মুৰ্গীৰ ডীমৰ হৈতে পালেং শাকৰ থপথপীয়া ।এইটো মই নিজে দিয়া নাম দেই।খাই ভাল লগাত আপোনালোকক চেয়াৰ কৰিলো।
ৰন্ধন প্ৰণালী-
প্ৰথমে পালেং শাক আৰু বিলাহী গৰম পানীত উতল এটা আহিব দি নামাই থলো এইবাৰ শাকখিনি ঠাণ্ডা হলত আদা নহৰু ৰ হৈতে মিক্সিত পেষ্ট বনাই ললো।
বইল কৰি থোৱা আলু দুটা আৰু লোকেল মুৰ্গীৰ ৰ কণী চাৰিটা গুছাই দুফালকৈ কাটি ললো।এতিয়া কেৰাহীত তেল দি প্ৰথমে কণী কেইদখৰ অলপ ভাজি উঠাই থলো আৰু সেই তেলতে কাটা পিয়াজ দি বাদামী ৰঙ হোৱাত আলো কেইপিছ ভাজি হালধি ,নিমখ দি কেচাজলকীয়া তিনিটা ফালি দি পেষ্ট খিনি ঢালি দি ভালদৰে ডাকোন মাৰি দিলো।
এইবাৰ কণী কেইপিছদি আক ঢাকোন মাৰি দিলো। পানী শুকালত আক একাপ পানী দি লৰাই লৰাই ভাজিলো । যেতিয়া পানীশুকাই আহিল ধনিয়া পাত কুটি দি নামাই থলো। মই মচলা দিয়া নাই মাত্ৰ জিৰা গুড়ি অকনমান দিছিলো আপোনালোকে মন কৰিলে গৰম মচলা আদি সকলো দিব পাৰে।
ধন্যবাদ

Comments
Post a Comment