চিলি বেবীকৰ্ণ
- প্ৰিয়ংকা চলিহা ভটাচাৰ্য্য
উপকৰণ :
বেবীকৰ্ণ 5 টা
কেপচিকাম এটা ডাঙৰ কৈ কাটি লব
নহৰু 7 ফোটা মিহিকৈ কুটি লব
ৰিফাইন তেল দুই হেতা
নিমখ আন্দাজমতে
চয়া চচ্, টমেট' চচ্, চিলি চচ্ এক চামুচকৈ
ডাঙৰ পিয়াঁজ এটা কিউব কৰি কাটি লব
দুটা কেচা জলকীয়া মিহিকৈ কাটি লব
ময়দা দুই চামুচ
কৰ্ণফ্লৰ দুই চামুচ
প্ৰণালী :
বেবীকৰ্ণকেইটা জোখমতে দীঘলকৈ কাটি আধাসিজা কৰি লব । এতিয়া জোখমতে নিমখ দি ময়দা, কৰ্ণফ্লৰ গুলি তাতে বেবীকৰ্ণ খিনি লেটিয়াই তেলত ডুবাই ভাজি উঠাই থব । সেই তেলতে নহৰু কুটা দি বাদামী ৰং হোৱাকৈ ভাজি পিয়াঁজ আৰু কেপচিকাম আৰু কুটি লোৱা জলকীয়া খিনি দি আধা ভজা কৰিব । এতিয়া ভাজি থোৱা বেবীকৰ্ণ দি আটাইবোৰ চচ্ দি দুই মিনিট ভাজি নমাই গৰমে গৰমে পৰিবেশন কৰিব ।

Comments
Post a Comment