সন্ধিয়াৰ চাহৰ জুতি
দালিৰ কাবাব ( Dal kabab)
-মুন দত্ত
উপকৰণ=
১ = বুটৰ দালি আৰু মচুৰ দালি মিলাই ২ কাপ
২ = বন্ধা কবিৰ মিহিকৈ কুটি লোৱা ১ কাপ
৩ = বেচন ৪ চামুচ
৪ = বেকিংপাউদাৰ ১ চামুচ
৫ = আদা নহৰু পেষ্ট ১ চামুচ
৬ = জিৰা পাউদাৰ ৷৷ ধনিয়া পাউদাৰ ৷৷ জলকীয়া গুৰি ১ চামুচকৈ
৭ = কেচা জলকীয়া ৫ টা (মিহিকৈ কুটি লোৱা )
৮ = নিমখ হালধি আন্দাজমতে
#প্ৰণালী = দালি খিনি ২ ঘন্টা মান পানীত টিয়াই কোমলাই ললোঁ ৷ তাৰপাছত দালি খিনি মিস্কিত পিছি ললোঁ ৷ এটা বাউলত দালি খিনি উলিয়াই লৈ ওপৰত দিয়া সকলো সামগ্ৰী মিলাই ললোঁ ৷ এতিয়া নন্ ষ্টীক কেৰাহিত তেল গৰম কৰি গেছৰ ফ্লেম কমাই হাতেৰে কাবাব বনাই দুটা দুটা কৈ দি ৰঙচুৱাকৈ ভাজিলো ৷ খাবৰ সময়ত চালাদ আৰু চচ্ৰ সৈতে চাহৰ জুতি ললোঁ|

Comments
Post a Comment