কেপচিকামৰ চিকেন স্টাফ পকৰি
-পূৰবী পাঠক দাস
উপকৰণ :
১.কেপচিকাম- ৪ টা
২.কণী:১টা
৩.বেচন:৫ চামুচ
৪.কেঁচা জলকীয়া :৩টা
৫.ৰিফাইন তেল : ২হাতা
৬.চিকেন কিমা - ৬ চামুচ (ডাঙৰ)
৭.পিয়াঁজ : ১টা
৮.নিমখ: সোৱাদা অনুসৰি
৯.হালধি : আধা চামুচ
১০.আদা,নহৰু পেচ্ট - ১ চামুচ
...প্ৰথমে , কেপচিকাম কেইটা এফাল কৈ কাটি লব,তাৰপিচত এখন ননচ্টিক পেনত এচামুচ তেল দি তাত পিঁয়াজ,কেঁচাজলকীয়া,আদা,নহৰু পেচ্ট দি অকনমান ভাজি চিকেন কিমাখিনি দি নিমখ,হালধি, দি গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দি দি ভাজিব | মাংসখিনি ভালদৰে ভজা হলে নমাই থৈ থব| এতিয়া এটা পাট্ৰত বেচন,কনী,নিমখ,হালধী দি ঘোল এটা বনাই লব |
এতিয়া কেপচিকাম কেইটাত মচলা অলপ অলপ কৈ ভৰাই দি এটা এটাকৈ বেচনৰ লেপন দি লব|
এতিয়া কেৰাহীত ৰিফাইন তেল গৰম কৰি এটা এটাকৈ কেপচিকাম বৰা ভাজিব,মচমচীয়া পকৰি হোৱাত নমাই থব | গৰমে গৰমে টমেত চচ আৰু চাহৰ লগত পৰিৱেশন কৰিব |

Comments
Post a Comment