তন্ডুৰী পনীৰ
- আশানীনা বৰপাত্ৰ গোহাঁই
বনোৱা পদ্ধতি --------
পনীৰ খিনি অলপ শকতকৈ আৰু তিনিকোনীয়া আকাৰত কাটি ললো।
মেৰিনেচন ৰ বাবে ----- নিমখ, কাশ্মিৰী জলকীয়া গুৰি, জিৰা গুৰি, গৰম মছলা গুৰি, আদা নহৰুৰ পেষ্ট, দৈ, কচুৰী মেথি, অলপ নেমুৰ ৰস আৰু কর্ণফ্লৰ দি পনীৰ খিনি প্রায় এঘন্টামান মেৰিনেট কৰি থলো।
ননস্টিক পেন এখনত নামমাত্ৰ ৰিফাইন দি পনীৰৰ টুকুৰাখিনি মেলি দি কম জুইত লুটিয়াই পুটিয়াই সেকি ললো। ৰুটি বনোৱা জালি এখনত পনীৰ কেইটুকুৰা মান কৈ দি হাই ফ্লেমত জুইৰ ওপৰত ঘুৰাই ঘুৰাই পুৰি ললো, তন্ডুৰী ফ্লেভাৰ টো আনিবলৈ । মাজতে এবাৰ লুটিয়াই দিলো। মোৰ তন্ডুৰী পনীৰ ৰেডি।
সন্ধিয়া ইয়াৰ টেষ্ট লবছোন । 👌👌👌👌

Comments
Post a Comment