ৰৈ যোৱা ভাতৰ বল
- শিৱানী সাধনীদাৰ
দুপৰীয়া ভাত অলপ ৰৈ গৈছিল ।তাৰেই এই ৰেচিপিতো বনালো।
উপকৰণ:
ৰাইচ বল বনাবলৈ লাগিব:(৩ জনৰ বাবে)
ভাত সৰু বাতিৰে এবাতি
সিদ্ধ আলু ১টা
বেচন ৬ চামোচ
চুজি ১ চামোচ
কুমলীয়া পালেঙ পাত ১0/১৫ খিলা
ধনীয়া এমুঠি
পিয়াজ পাত এমুঠি
পিয়াজ ২টা আৰু জলকীয়া ২টা মিহিকৈ কূটা
আৰু লগতে কাজু ৫টা মান টুকুৰা টুকুৰা কৈ ভাঙি
মচলাৰ বাবে লাগিব
গৰম মচলা,ধনীয়া গুৰি,ছাট মচলা আধা চামোচতকৈ অলপ কম
নিমখ, হালধি জোখমতে।
প্ৰনালী:
এতিয়া গোতেই খিনি ভালদৰে মিহলি কৰি সৰু সৰু বল বনাই লৈছো।
এখন কেৰাহিত ৰিফাইন্ড অইল গৎম কৰি কম জুইত ১০ মিনিত ফ্ৰাই কৰিছো ।ৰঙচুৱা হবলৈ জুই বঢ়াই আকৌ ২মিনিত ৰাখি নমাই থৈছো।

Comments
Post a Comment