জলফাই আচাৰ
- ৰঞ্জিত নাথ
উপকৰণ =
১ কেজি জলফাই
১ কাপ বগা সৰিয়হ
১/২ কাপ মিথি গুটি
১/২ কাপৰ অলপ কম কলা সৰিয়হ
১/২ ধনিয়া গুটি
১/২ কাপৰ অলপ কম জিৰা
১/২ কাপৰ অলপ কম জইন(আজৱাইন)
১/২ কাপৰ অলপ কম কলা নিমখ
১২ টা মান শুকান জলকীয়া
২ কাপ তেল
২ চামুচ হালধি
২ চামুচ জলকীয়া পাউদাৰ
নিমখ সোৱাদ অনুযায়ী
প্ৰণালী =
জলফাই খিনি নিমখ পানীত সিজাই লব । সিজাওতে হাতৰে পিটিকি চাব কোমল হৈছে । নমাই অলপ ৰ'দত দিব পানী শুকালৈ । পানি শুকালে চুৰিৰে কাচিয়াই দিব নিজৰ ইষ্টাইলত ।কাচিয়াওতে জলফাইৰ গুটিত লগাকে কাচিয়াব । সকলোখিনি কাচিয়া হলে আকৌ ৰ'দত দিব । কাচিয়াই দিয়া জলফাইটোৰ ফাত মেলালৈকে ৰ'দত দিব । দুদিনো হব পাৰে ।আৰু ৰ'দত দিলে কপাহি কাপোৰৰে ঢাকি দিব। যাতে পোক পৰুৱা নপৰে ।
এতিয়া মচলা :- ওপৰত লিখা মচলাখিনি কৰাহিত গৰম কৰি মিক্সীত পিচি লব ।বগা সৰিয়হ বেলেগে পিচি লব । এটা বাচনত জলফাই খিনি লব ।তেল গৰম কৰি ঠাণ্ডা হলে জলফাই খিনিত দিব লগতে মচলাখিনি ,নিমখ,হালধি,জলকীয়া পাউদাৰ,কলা নিমখ,বগা নিমখ দি ভাল দৰে মিশ্ৰন কৰিব যাতে জলফাইৰ গাত মচলা লাগি ধৰে । মিশ্ৰন হলে চিচাৰ বয়ামত ভৰাই লব । মাজে মাজে ৰ'দত দিব অলপ জোকাৰি । দুদিন মান পিছতে খাব পাৰিব ।
পানী নলগাব মাজে মাজে ৰ'দত দিব । ১ বছৰলৈকে বিনা চিন্তাই খাই থাকিব পাৰিব ।
সকলোৱে জানে তথাপিও নিজে বনোৱা প্ৰণালী আগবঢ়ালো ।কেনে হয় জনাবচোন সকলোৱে ।

Comments
Post a Comment