পতলা নিমকি
-চিন্ময়ী বায়ন
এইটো বৰপেটা ত খুব প্ৰচলন নিমকি। টেপা নিমকি পিছত ইয়াক স্থান দিয়া হয়। মোৰ খুব ভাল লাগে। এক কাপ মিঠা চাহৰ লগত ঠাণ্ডা দিনত খুব মজা হয়। আহক এতিয়া মই বেছি কথা কৈ বোৰ নকৰো। ৰেচিপি লৈ আহোঁ |
উপকৰণ:
মৈদা 1 কাপ
ৰিফাইন তেল
নিমখ
কলা জীৰা
প্ৰণালী:
প্ৰথমে মৈদা নিমখ কলা জীৰা আৰু তেল 1/4 কাপ দি পানী দি ভালকৈ মাৰি 10 মিনিট ৰাখি থলোঁ। এতিয়া কেৰাহীত তেল গৰম হব দি সৰু সৰু বল বনাই খুব পাতল বনালো। যিমান পাতল কৰিব পাৰি । বল কেইটা মই সৰু আঙুৰ যেনেকুৱা হয় তেনেকুৱা কৰিছোঁ। এতিয়া তেল দি কম জুইত ভাজি লৈছো।
এককাপ মৈদা ত বহুত বেছি হৈ মই দিয়া ফটো খনৰ বাতিটোৰ দুই বাটি হৈছে।
আশা কৰোঁ ভাল পাব আপোনালোকে। মই খুব আনন্দিত এইটো বনাই। একদম বাৰপেটীয়া দোকানৰ নিচিনা সোৱাদ।😄😄

Comments
Post a Comment