পনীৰ মেগী কাটলেট
- বিনিতা দত্ত শইকীয়া
এজনৰ জোখাৰে
সামগ্ৰী:
১/মেগী আধা পেকেট
২/মেগী মছলা আধা পেকেট
৩/পনীৰ সৰু কৈ কাটি লোৱা ৫টুকুৰা
৪/পিয়াঁজ এটা
৫/সৰু আলু এটা
৬/এক চামুচ ৰিফাইন তেল
৭/ টমেট চচ
৮/নিমখ সোৱাদ অনুসৰি
৯/হালধি অকণমান।
প্ৰণালী:
মেগী হাফ বইল কৰি ললোঁ মেগী মছলা সৈতে। আলু এটা সৰু সৰু কাটি ৰিফাইন তেলত ফ্ৰাই কৰি ললোঁ। পনীৰ কেইটুকুৰাও ফ্ৰাই কৰি ললোঁ। পিয়াঁজ এটা চাৰি টুকুৰা কৰি তেলত ফ্ৰাই কৰি তাতে আলু আৰু পনীৰ কেইটুকুৰা দি দিলোঁ। হালধি আৰু নিমখ অকণমান দিছোঁ। অকণমান ভজাৰ পাছত তাতে বইল মেগী দি দিলোঁ। মেগী, আলু আৰু পনীৰ ভাল কৈ মিক্স হোৱাৰ পাছত সৰু স্কোৱাৰ চেপৰ বাতি এটাত টাইট হোৱাকৈ হেঁচি এখন প্লেটত টমেট চচৰ ওপৰত বাতিটো উভতাই দি চাৰ্ভ কৰিলোঁ।


Comments
Post a Comment