বাটাৰ নান
- অপু দত্ত
উপকৰণ:-
ময়ডা একাপ
বেকিং পাউডাৰ একচামুচ
বেকিং চ'ডা আধা চামুচতকৈ কম
চেনী একচামুচ
নিমখ অকণমান
দৈ আধাকাপৰ কম
বাটাৰ
ধনীয়া পাত,নহৰু , মিহিকৈ কটা
তিল কেইটামান
প্ৰণালী:-
ময়ডা,বেকিং পাউডাৰ,চ'ডা, চেনী,নিমখ আৰু দৈখিনি ফেটি পাতল কৰি লৈ মিহলাই, পানী অকণমান কৈ দি কোমলকৈ মঠি লৈ ২ঘন্টা মান ঢাকি থৈ দিব
তাৰপিছত হাতেৰে আকৌ মঠি লৈ ৰুটিৰ চাইজত লাড্ডু বনাই বেলনাত অকণমান বহলাই বেলি লৈ ধনীয়াপাত কেইটামান ,চতিয়াই দি মাৰি ডালেৰে লাহে লাহে দীঘলীয়া আকাৰত বেলি লৈ লোহাৰ টাৱাখন মিডিয়াম হিটত গৰম কৰি লৈ ঠাণ্ডা পানী অকণমান চতিয়াই,বা ৰুটিখনৰ তল চাইডটোত সানি লৈ টাৱাখনত বহাই দিব, যেতিয়া তল চাইডটো সামান্য ফুলি আহিব টাৱাখন ওলোটাই দি মিডিয়াম জুইত সেকি ৰঙচুৱা হ'লে অইল ব্ৰাচ এডাল দি বাটাৰ অকণমান ওপৰত লগাই দিলেই ৰেডি হৈ গ'ল, ঠিক তেনেদৰেই নহৰু মিহিকৈ কাটি লৈ ৰুটিখন বেলি লৈ নহৰু খিনি দি বেলনা মাৰিডালেৰে সামান্য হেচা মাৰি বেলিও বনাব পাৰিব,তিল দিওঁ তেনেদৰেই বনাব পাৰিব।
মাংস,পনীৰ, আদিৰ লগত গৰমে গৰমে জুতি ল'ৱ, মই চানা ডালিৰ লগতহে পৰিবেশন কৰিছোঁ।
মোৰ ঘৰুৱাভাৱে বনোৱা প্ৰণালীটোহে দিছো দেই।

Comments
Post a Comment