ইলিশ মাছ ভাপত দিয়া
- অনিতা দত্ত বৰাল
★ইলিশ মাছ ২ টুকুৰা
★সৰিয়হ ২ মুঠি (গোটা)
★ গোটা জিৰা ১মুঠি
★ মিঠাতেল মাছ ভাজিবৰ জোখাৰে ললো ।
★ হালধি এক চামুচ
★নিমখ সোৱাদ অনুযায়ী
★কেঁচা জলকীয়া ৬/৭ টা
মই অলপ বেলেগ ধৰণে বানাও ইলিশ মাছতো ভাজি লৈ হে ভাপত দিওঁ 😊 বাৰু প্ৰণালীটো তলত দিলোঁ দেই।
প্ৰণালী:- সৰিয়হ তিনি মুঠি আৰু গোটা জিৰা এক মুঠি একেলগে শুকানে মিক্সিত গুৰি কৰি ললো। তাৰপাছত আকৌ পানী অলপ তাতে দি আকৌ মিক্সিত পেষ্ট হবলৈ দিলো। তাৰ পাছত বেলেগে বাতি এটাত গোটেই মিশ্ৰণ খিনি ঢালি তাতে হালধি দি গোলি ললো আৰু এফালে থৈ দিলোঁ। আকৌ মাছ দুপিচ নিমখ ,হালধি , এক চামুচ মিঠাতেল দি সানি থৈ দিলো। জুইৰ ওপৰত কৰেহি পাতি মিঠাতেল জোখমতে দি গৰম তেলত মাছ কেইপিছ দি দিলো তাতে ঢালি দিলো সৰিয়হৰ মিশ্ৰণ খিনি লগতে কেঁচা জলকীয়া ৬/৭ তা মান , নিমখ সোৱাদ অনুসৰি দি কেৰাহীৰ ঢাকোনখন লগাই দিলোঁ কম জুইত।দুই মিনিট মানৰ পাছত ঢাকোনখন উঠাই সাৱধানে মাছ দুপিচ লুটিয়াই দিলোঁ আকৌ ঢাকোনখন লগাই দিলোঁ তিনি মিনিট মানৰ বাবে। লাহে লাহে পানী শুকাই অহা যেন দেখিলো ,গেছ অফ কৰি কেঁচা মিঠাতেল এক চামুচ ওপৰৰ ত দি পৰিবেশন কৰিলোঁ। গৰম ভাতৰ লগত সানি খাই খুব টেষ্টি লাগে।

Comments
Post a Comment