কচৰি চাট
- অনিতা দত্ত বৰাল
উপকৰণ:---
১/কাবুলি বুট তিয়াই লৈ চ'লে বনাই লোৱা
২/আতা এক কাপ
৩/চুজি আধা কাপ
৪/ নিমখ /হালধি
৫/দৈ
৬/জিৰা(গোটা)
৭/ৰিফাইন তেল।
৮/পদুনা চাটনি
৯/মিঠা চাটনি
১০/তেঁতেলি চাটনি
১১/পিয়াজ এটা
১২/জলকীয়া তিনিটা
১৩/ভুজীয়া
১৪/ বাদাম
প্ৰণালী:--
আতা আৰু চুজি মিলাই তাতে দৈ দুই চামুচ, ৰিফাইন তেল তিনি চামুচ,নিমখ,জিৰা দি মঠি ললো আৰু এখন কাপোৰে ১০ মিনিট মানৰ বাবে ঢাকি থলো। ১০ মিনিট ৰ পিছত চুজি আতাৰ সৈতে ফুলি আহিলত ডাঙৰ কৈ লাড়ু বনাই বেলনাত বেলি ললো লুচীৰ হিচাবত (কিন্তু ডাঠ হব লাগে) কম জুই কেৰাহীত ৰিফাইন তেলত বুৰ যোৱাকৈ ভাজিলো ।মচমচিয়া হৈ আহিল কচৰি লুচী।
আনফালে কাবুলি চানাৰে চ'লে বনাই ললো।
এতিয়া এখন প্লেট কচৰি লুচী খন মাজতে টুকুৰী ভাঙি দি তাতে কাবুলি চানাৰ চ'লে এক হেতা দি দিলো,তাৰে ওপৰত এটা এটাকৈ দি গলো ক্ৰমান্বয়ে ,দৈ দুই চামুচ, পদুনা চাটনি এক চামুচ, চেটেলি চাটনি এক চামুচ, চেনিৰ মিঠা চাটনি(যদি বেছি মিঠা খাই দিব পাৰিব) পিয়াজ আধা ফাল মিহিকৈ কুটা, জলকীয়া কুটা,শেষত ভুজীয়া, বাদাম ,চাট মছলা দি পৰিবেশন কৰিলো।
( মই নিজৰ মতে ভাবিহে বনাইছো দেই খাই কিন্তু মজ্জা লাগিলে এই প্লেট নিজেই খালো কাকো নিদিলো😁)

Comments
Post a Comment