কণীৰ চপ
-প্ৰিয়া সেন
উপকৰণ-
কণী ৪ টা
আলু ২ টা
চাটনি বনাবলে-
ধনীয়া ২ মুঠি
পদিনা ৫/৬ টা
কেঁচা জলকীয়া ৪ টা
নহৰু কোষ ৩ টা
চাট মছলা ১ চামুচ
নিমখ জোখ মতে
নেমুৰ ৰস আধা চামুচ
ঘোল বনাবলে-
বেচন ৪ চামুচ
মৈদা ২ চামুচ
জলকীয়া গুৰি ১/৪ চামুচ
নিমখ জোখ মতে
আৰু ভাজিবলে মিঠা তেল এক কাপ
প্ৰণালী-
প্ৰথমতে কণী আৰু আলু বইল কৰি লব।
তাৰ পিছত ধনীয়া , পদিনা , জলকীয়া, নিমখ, নহৰু আৰু নেমুৰ ৰস মিলাই চাটনি বনাই লব।
এতিয়া কণীৰ বাকলি গুচাই লব।
আলু বাকলি গুচাই চাট মছলা নিমখ ধনীয়া চাটনি মিলাই পিটিকা বনাই লব।
তাৰ পিছত বেচন , মৈদা, চাট মছলা জলকীয়া গুৰি নিমখ আৰু পানী মিলাই এটা ঘোল বনাই ৰাখিব।
এতিয়া কেৰাহী এখন গেছত বহাই তেল গৰম হবলৈ দিব ।
তাৰ পিছত কণী কেইটা আলু পিটিকা দি কভাৰ কৰি লৈ বেচনৰ ঘোলত লেটীয়াই গৰম তেলত ভাজি টমেট চচ ৰ লগত পৰিবেশন কৰিব।
ধনীয়া চাটনি দি বনুৱাত অলপ ইউনিক লাগিছে খাই বৰ ভাল পালে সকলোৱে।

Comments
Post a Comment