বতৰৰ পাছলি জুতি লওঁ আহক
ওলকবি ডালনা
- মুন দত্ত
উপকৰণ =
১ = ওলকবি ৩টা
২ =আলু ২টা
৩ =সৰিয়হ ৷৷ আফু গুটি ৷৷ পিছি লোৱা ২ চামুচ
৪ = জিৰা ৷৷ ধনিয়া ৷৷জালুক ৷৷ ১ চামুচকৈ
৫ = চেনি ১ /২ চামুচ
৬ =তেজপাত দুখিলা
৭ =পিয়াঁজ ৪টা
৮ = কেচা জলকীয়া ৩ টা
৯ =দৈ ১ কাপ
১০ =গৰম মছলা ১/২ চামুচ
১১ = নিমখ ৷৷ হালধি ৷৷ মিঠাতেল আন্দাজমতে
প্ৰণালী =
কবি আৰু আলু কাটি ললোঁ ৷ পিয়াঁজ জলকীয়া পেষ্ট বনাই ললোঁ ৷ কেৰাহিত তেল অলপ দি কবি আৰু আলুখিনি আধা ভাজি উঠাই ললোঁ ৷ এতিয়া আকৌ কেৰাহীত তেল গৰম কৰি তেজপাত পিয়াঁজৰ পেষ্ট খিনি দি অলপ ভাজি পিছি লোৱা সৰিয়হ আফুগুটি মছলা হালধি দি ভাজি লৈ দৈ খিনি দি লৰাই দিলোঁ ৷তাৰপাছত আগতে ভাজি থোৱা কবি আৰু আলু খিনি দি লগতে নিমখ চেনি দি লৰাই জোখত পানী দি ধাকি দিলো ৷ য়েতিয়া ডালনা খিনি সিজি ঘন হ’ল গৰম মছলা দি নমাই থলোঁ ৷

Comments
Post a Comment