Sarso ka saag
সৰসো কা শাক)
সৰিয়হৰ শাক
- পম্পি শৰ্মা খাওন্দ
#পাঞ্জাৱী সকলৰ এটা খুবেই জনপ্ৰিয় ৰেচিপি হৈছে #Makki ki Roti #Sarso ka Saag
#আজি মই #Sarso ka Saag ৰ ৰেচিপিটো চেয়াৰ কৰিলোঁ।
উপকৰণ ------
সৰিয়হ শাক -----3 মুঠি
পালেং শাক -----2মুঠি
জিলমিল শাক ----1 মুঠি
বিলাহী ----2টা (কুটি লোৱা)
পিয়াজঁ ----2টা (কুটি লোৱা)
আদা, নহৰু পেষ্ট ----2চামুচ
কেচাঁ জলকীয়া ----3টা
গোটা জীৰা ---1চামুচ
হিং ---- অকণমান(একচিকুত)
মাকৈৰ আটা ---3/4 চামুচ
ঘী ----4 চামুচ
জলকীয়া গুৰি,জীৰা গুৰি,গৰম মছলা ,নিমখ,হালধী, ---জোখ অনুপাতে
প্ৰণালী -----
প্ৰথমে শাক খিনি ধুই কুটি লৈ এটা কুকাৰত অকণমান নিমখ আৰু পানী দি দুটা হুইচেল মৰাই নমাই দি ঠান্ডা হলে মিক্সিত শাক খিনি পেষ্ট তৈয়াৰ কৰি লব।
এতিয়া এখন ননষ্টিক কেৰাহিত ঘী দি গোটা জীৰা দি লগত কাটি লোৱা পিয়াজঁ,বিলাহী,আদা,নহৰু পেষ্ট,কেচাঁ জলকীয়া ,হিং,মাকৈৰ আটা,নিমখ,হালধী,শুকান মছলা খিনি এই সকলোবোৰ বস্ত দি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লব । এতিয়া বনাই লোৱা শাকৰ পেষ্ট খিনি দি ভালদৰে লৰাই উতলিলে একচামুচ ঘী দি নমাই দি গৰমে গৰমে মাকৈৰ ৰুটি / অন্য ৰুটিৰ লগত পৰিৱেশন কৰক।


Comments
Post a Comment