ফুলকবি আলু বিলাহীৰে মাছৰ টেঙা
- সম্পূৰ্ণা প্ৰনৱ কাকতি
উপকৰণ:
ফ্ৰাই মাছ চাৰি পিছ
ফুলকবি এটা
বিলাহী ডাঙৰ এটা
আলু এটা
গোলনেমু ১/৪ টা
মেথিগুটি এচামুছ
নিমখ হালধি জোখত
তেল
প্ৰণালী:
ফুলকবিটো কাটি লৈ ধুই অলপ পানীত সিজাই টুকি ললোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি মেথিগুটি দি বিলাহী আৰু নিমখ হালধি দি লৰাই আলু দিলোঁ। বিলাহী গলাত ফুলকবি দি ভাজি অলপ পাছত পানী দি মধ্যমীয়া জুইত ঢাকোন দিলোঁ। উতল অহাত ভাজি থোৱা মাছ দিলোঁ। হোৱাৰ আগে আগে নেমু চেপি লৰাই দি নমাই থলোঁ।

Comments
Post a Comment