◆Indian Green Olive Sweet & Sour Chutney
◆কেচা জলপাইৰ টেঙা মিঠা চাটনি
-প্ৰিয়ংকা চলিহা ভটাচাৰ্য্য
ৰন্ধন ত লগা সময়- 30 minutes.
উপকৰণ-
কেচা জলপাই – 200 grams.
চেনি /গুৰ-100 grams
কলা সৰিয়হ – 1/2 tsp.
তেজপাত– 1
শুকান জলকীয়া–2/3
নিমখ – 1/4 tsp.
তেল – 1 tbsp.
কিচমিচ,খেজূৰ-সামান্য
পদ্ধতি-
প্ৰথমে গুৰ অলপ পগাই লব। ভালকৈ গলি ডাঠ হলত নমাই ঠাণ্ডা হব দিয়ক ।আনপিনে কেচা জলপাইখিনি পানীত সিজাই কোমলাই লব। সেই খিনি ও ঠান্ডা হবলৈ দি পাছত হাতেৰে ভাঙি লব।এতিয়া এখন কেৰাহীত তেল গৰম কৰি প্ৰথমে শুকান জলকীয়া ,কলা সৰিয়হ আৰু তেজপাত দি সৰিয়হ খিনি ফুটিব দি জলপাই খিনি দিয়ক, নিমখ যোগ কৰক।১মিনিট মান ভাজক।২কাপ পানী দিয়ক আৰু উতলিবলৈ দিয়ক।এতিয়া গুৰ খিনি দিয়ক আৰু খেজূৰ আৰু কিচমিচ খিনি যোগ কৰি ভালকৈ মিলাই দিব।লাহে লাহে ঘন হব ললে নমাই ঠাণ্ডা হোৱাৰ পাছত জুতি লওক।

Comments
Post a Comment