মগু দাইলৰ পকৰী
- তৃষ্ণা বৰফুকন
উপকৰণ -
• মগু দাইল ১ কাপ
• কেচা ধনীয়া পাত মিহিকৈ কটা ৩ চামুচ
• পিয়াজ সৰুকৈ কটা ১ টা
• জলকীয়া ১ টা সৰুকৈ কটা
• আদা সৰু ১ টুকুৰা সৰুকৈ কটা
• ভাঙি লোব়া জীৰা কৈইটামান
• নিমখ
• মিঠাতেল
প্ৰনালী-
মগুদাইল খিনি ১ ঘন্টা মান তিয়াই থলো| দাইল খিনি মিক্সিত দিলো| তাতে আদা জীৰা দি পেষ্ট কৰি ললো | পেষ্ট খিনি এটা বাচনত উলিয়াই ললো, তাতে বাকি সকলো খিনি দি এটা কোমল পেষ্ট বনাই ললো| কেৰাহিত তেল দি কম জুইত গৰম হবলৈ দিলো| দাইলৰ মিশ্ৰনটো এচামুচ এচামুচ দি দিলো| যেতিয়া ৰঙচুব়া হৈ মচমচীয়া হৈ পৰিল নমাই দিলো|

Comments
Post a Comment