kimaChicken pokora with curryleaves
নৰসিংহৰপাতেৰে কিমাচিকেন পকৰী
- নিতুমনি দাস শৰ্মা
উপকৰন.... ৫ জনৰ হিচাপত
২০০গ্ৰাম চিকেন
বেচন ৩ চাহ চামুচ
পিঠাগুৰি ২ চাহ চামুচ
নৰসিংহৰ পাত ১৫/২০ খিলা
পিয়াঁজ ২ টা
কেচাঁজলকীয়া ৩ টা
আদা নহৰু পেষ্ট ১ চাহ চামুচ
বেকিং পাউদাৰ ১ চাহ চামুচ
জিৰা,ধনীয়া,শকান জলকীয়া,গৰম মছলা, ১ চাহ চামুচ কৈ
নিমখ হালধী জোখমতে
ৰিফাইন তেল ভাজিব লৈ প্ৰায় ১৫০ গ্ৰাম
প্ৰনালী...... প্ৰথমতে চিকেন খিনিৰ হাড়ৰ পৰা মঙহ বোৰ ওলিয়াই গ্ৰাইনডাৰত পেষ্ট কৰি লব | তাৰ পিছত ঘূৰনীয়া পাত্ৰ এটা ত লৈ তাতে পিয়াজ,নৰসিংহৰপাত,জলকীয়া মিহি কৈ কাটি দিব লগতে নিমখ,হালধী আৰু ওপৰত উল্লেখ কৰা বেচন,বেকিং পাউদাৰ আৰু পিঠাগুৰিৰ বাদে বাকি মচলা বোৰ মিহলাই আধা ঘন্টা মেৰিনেট কৰি থব যাতে নৰসিংহৰ পাতৰ সুগন্ধি চিকেনৰ লগত মিলি যায় | আধা ঘন্টাৰ পিছত চিকেন ৰ কিমা খিনিৰ লগত বেচন আৰু পিঠা গুৰি মিহলাই ভালদৰে সানি লব আৰু কেৰাহীত তেল গৰম কৰি হাতেৰে অলপ অলপ কৈ তেলত দি কিছু সময় মিডিয়াম জুইত সিজাই ৰঙচুৱা কৈ ভাজি নমাই গৰম গৰম চাহ কাপৰ লগত জুতিঁ লব |

Comments
Post a Comment