চয়াবিন মিঠি শাক দি ভাজি
-লিনা বৰা
উপকৰন -
১।মিঠিশাক ২ মুঠি
২। চয়াবিন ২ কাপ
৩।মিঠি নামমাত্ৰ
৪।নিমখ জোখমতে
৫।হালধী ১চামুচ
৬।জলকীয়া গুৰি
৭।ধনীয়া গুৰি১চামুচ
৮।গৰম মচলা ১ চামুচ।
৯।হালধী ১ চামুচ
১০।সৰিয়হ তেল২চামুচ
১১। আলু ১টা
প্ৰনালী -
মিঠি শাক ধুই কুটি ললো।চয়াবিন কোমলাই ধুই ললো।
আলু বাকলি গুচাই কাটি ললো।
কেৰাহীত তেল গৰম কৰি মিঠি দি মিঠি শাক খিনি দি লৰাই আলু যোগ কৰি চয়াবিন যোগ কৰি নিমখ হালধী ধনীয়া গুৰি জলকিয়া গুৰি দি লৰাই ঢাকোন মাৰি থলো১০ মিনিত।
ঢাকোন খুলি লৰাই গৰম মচলা দি নমাই পৰিবেশন কৰিলো।
Comments
Post a Comment