কলা কচুৰে শুকান মাছ
- পূৰবী পাঠক দাস
উপকৰণ =
কলাকচু - ৭ ডাল
জলকীয়া - ৬ টা
পিঁয়াজ - ১ টা
পাচফৰন - ১/২ চামুচ
আদা,নহৰু পেচ্ট -১ চামুচ
জিৰাগুৰি - ১ চামুচ
শুকান মাছ - ২ মুঠি
তেল - ২ চামুচ
নিমখ,হালধী প্রয়োজন অনুসৰি লৱ |
প্রণালী =
প্রথমে কেৰাহীত তেল দি পাচফৰন গোন্ধ ওলোৱাকে ভাজি পিয়াজখিনি দি নিমখ,হালধী দিব | পিঁয়াজ ৰঙচুৱাকৈ ভাজি তাত আদা নহৰু পেচ্ট,জলকীয়া,জিৰাগুৰি দি ৫ মিনিটমান ভাজি লব | মচলাখিনিৰ কেচা গোন্ধটো গৈ কেৰাহীত তেল বিৰিঙিলে কাটি লোৱা কচুখিনি দি ভালদৰে লৰাই ঢাকনি লগাই দিব | ১০ মিনিটমান ভজাৰ পিচত তাত শুকান মাছ কেইটা দি দিব,এনেদৰে কম জুইত কচুখিনি সিজালৈকে ভাজি কেচাজলকীয়া কাটি দি নমাই পৰিৱেশন কৰিব |

Comments
Post a Comment