গাহৰি পুৰা পদিনা চাটনি লগত
- পূৰবী পাঠক দাস
উপকৰণ =
গাহৰি - আধা কেজি
আদা, নহৰু পেচ্ট - ১ চামুচ
কেচাজঁলকীয়া পেচ্ট -১ চামুচ
নিমখ নিজৰ প্রয়োজন অনুসৰি লব |
চাটনি বাবে =
পদিনা পাত -২ মুঠি
আদা - ১ টুকুৰা
নহৰু - ৮ কোহ
কেচাজলকীয়া - ৬ টা
নেমু - ১ টুকুৰা
চাটনি - উপকৰণত দিয়া গোটেইখিনি সামগ্রি গ্রিন্দাৰত ভালদৰে মাৰি প্রয়োজন অনুসৰি নিমখ সানি চাটনি বনাই লব |
মাংসখিনি ভালদৰে ধুই তাত আদা, নহৰু,জলকীয়া পেচ্ট,নিমখ সানি ১৫ মিনিট সময় মেৰিনেট কৰি ৰাখিব | তাৰপিছত লোহাৰ চ্টিকত ১০ পিচ মানকৈ দি জুইত পুৰিব | মাংসখিনি অলপ কলা ৰং হৈ দুয়োফালে ভালদৰে সিজাত নমাই পদিনাৰ চাটনি খিনি ভালদৰে পুৰা মাংসখিনিত খানি এটুকুৰ নেমু চেপি দি গৰমে গৰমে পৰিৱেশন কৰিব |


Comments
Post a Comment