একেবাৰে সাধাৰণ ভাৱে আৰু সহজতে লগতে কম সামগ্ৰী ত বনোৱা এই মাছৰ জোল খাবলৈ কিন্তু বহুত সোৱাদ হয় এইবাৰ বনাই খালেহে গম পাব |
চিতলমাছৰ লগত তেতেলি টেঙা জোল
মই দুজনৰ বাবে বনাইছোসামগ্ৰী-
- কেচাতেতেলীৰ চাৰিটা চিৰা
- মাছ দুটুকুৰা
- পাচপূৰণ কেইটামান
- মিঠাতেল তিনিচামুচ
- নিমখ, প্ৰয়োজন অনুসৰি
- হালধি জোখমতে
- ধনীয়া পাত এমুঠি
- পানী তিনিকাপ
- কেচাজলকীয়া তিনিটা
প্ৰণালী-
- তেতেলীৰ বাকলি এৰুৱাই লগতে গুটি গুচাই লব |
- তেতেলী খিনিৰ পেস্ট বনাই লৱ |
- এটা কেৰাহী গৰম কৰি মিঠাতেল দি মাছ দুটুকুৰা ত নিমখ হালধি সানি ভাজি লব |
- ৰৈ যোৱা সেই তেলতে পাচপূৰণ দি অকণমান ৰঙচুৱা কৰি তেতেলীৰ পেস্ট খিনি দি একমিনিট মান লৰাই তাতে নিমখ, হালধি জলকীয়া সকলো দি গৰম পানী দিব|
- উতল আহিলে মাছ দি পুনৰ আকৌ উতলাই ধনীয়া পাত দি নমাই পৰিবেশন কৰিব|

Comments
Post a Comment