আঙুৰৰ মিঠা জ্বলা চাটনি
- প্ৰিয়া সেন
উপকৰণ-
আঙুৰ ১০০ গ্ৰাম
বিলাহী ১ টা
তেঁতেলী ১ টা পকা
জলকীয়া গুৰি ১/২ চামুচ
চেনি ৫ চামুচ
নিমখ জোখ মতে
হালধি গুৰি জোখ মতে
তেল ২ চামুচ
পাছফুৰণ আধা চামুচ ( ভাজি গুৰি কৰি লব )
সৰিয়হ ১/৪ চামুচ
প্ৰণালী -
প্ৰথমতে আঙুৰ মাজত কাটি লব। বিলাহী ও কাটি লব।
এতিয়া কৰেহি গেছত বহাই তেল দিব । তেল গৰম হলে সৰিয়হ দিব আৰু আঙুৰ , বিলাহী তেঁতেলী দি নিমখ হালিধি দি লৰাই ঢাকি দিব।
এতিয়া সকলো খিনি সিজিলে জলকীয়া গুৰি আৰু চেনি দিব ভালকৈ সিজিলে পাছফুৰণ গুৰি দি নমাই পৰিবেশন কৰিব ।

Comments
Post a Comment