বিলাহীৰ জ্বলা মিঠা চাটনি
- ঝুমুৰ দে
উপকৰণ:-- ১. বিলাহী ২ টা (মধ্যমীয়া)
২. হুকান জলকীয়া ৩ টা
৩. মিঠা চফ ১ চামুচ
৪. ৰান্ধনি সজ আৰু সৰিয়হ ১ চামুচ
৫. হুকান বগৰী
৬. কাজু কিচমিচ ২০ গ্ৰাম
৭. চেনি আধা কাপ (নিজৰ ইচ্ছা অনু্যায়ি কম বেছি পৰিমানে লব পাৰে।)
৮. নিমখ প্ৰয়োজন অনুসৰি
৯. তেল ২ চামুচ
প্ৰণালী:--
প্ৰথমতে এখন কেৰাহীত পানী গৰম কৰি বগৰী আৰু বিলাহী ১০ মিনিটমান সিদ্ধ কৰি লব।
এতিয়া বিলাহীৰ বাকলি এৰুৱাই লৈ ঠাণ্ডা কৰি পেস্ত কৰি লব।
এতিয়া অন্য এখন কেৰাহীত তেল গৰম কৰি ৰান্ধনি সজ, সৰিয়হ, মিঠা সফ আৰু হুকান জলকীয়া দি অলপ ভাজি লব।এতিয়া পেস্ত কৰা টমাটো দি ভাজি দিব|
এতিয়া নিমখ চেনি দি অলপ ঢ়াকি থব। যেতিয়া পানী খিনি হুকাই আহিব তেতিয়া আৰু অলপ পানী দি সিদ্ধ কৰা বগৰী খিনি দি কাজু কিচমিচ দি নমাই লৈ ধুনিয়া কৈ পৰিবেশন কৰিব।

Comments
Post a Comment