কণী বাটাৰ মচলা
-তাজৰিণ চুলটানা
উপকৰণ :---১.কণী -৪টা
২.পিয়াজ -২টা
৩.বিলাহী-১টা
৪.কাজু পেষ্ট -২/৩ চামোচ
৫.ফ্ৰেচ ক্ৰীম -৩ চামোচ
৬.আদা -নহৰু পেষ্ট-আধা চামোচ
৭.দালচেনী,ইলাচি গুৰি-আধা চামোচ তকে কম
৮.গৰম মচলা -আধা চামোচ
৯.বাটাৰ -২ চামোচ
১০.ৰিফাইন তেল -১ চামোচ
১১..কচুৰি মেথি -১ চামোচ
১২.নিমখ ,হালধি -নিজৰ জোখ মতে
প্ৰণালী :--
কণী কেইটা সিজাই লৈ তেলত ৰঙাকে ফ্ৰাই কৰি ললো।এখন পেনত এচামোচ বাটাৰ দি কুটা পিয়াজ,বিলাহী দি ভালক ভাজিলো ,অলপ ৰঙচুৱা হোৱাত নমাই ঠন্ডা কৰি লৈ মিক্সি ত পেষ্ট বনাই ললো।আন এখন পেনত এচামোচ বাটাৰ দি পিয়াজৰ পেষ্ট খিনি দিলো।আদা-নহৰু পেষ্ট,ইলাচি গুৰি,কাজু পেষ্ট,ক্ৰীম দি অলপ দেৰি মজিব দিলো।আন্দাজমতে নিমখ,হালধি,মচলা দিলো।তাৰপাছত ফ্ৰাই কৰা কণী কেইটা আৰু কচুৰি মেথি দি পৰিবেশন কৰিলো।

Comments
Post a Comment