কণী, বিলাহী আৰু আলুৰ আঞ্জা
- চম্পা বৰুৱা
সামগ্ৰী:
- কণী তিনিটা
- বিলাহী এটা ডাঙৰ
- পিয়াজ এটা ডাঙৰ
- আদা নহৰুৰ পেষ্ট এচামোচ
- জালুকৰ গুৰি আধা চমুচকৈ কম
- জিৰাগুড়ি আধাচামোচ(সৰু চামুচেৰে)
- জলকীয়া গুড়ি আধাচামোচ(সৰু চামুচেৰে)
- নিমখ,হালধি প্ৰয়োজন মতে
- নৰসিংহ পাত কেইটামান
- মিঠাতেল পঞ্চাচ গ্ৰাম
- আলু দুটা(কণীকেইটাৰ সমান)
ৰন্ধন প্ৰণালী:
- প্ৰথমে কণী আৰু আলু বইল কৰি লব। বিলাহীটোও অলপ বইল কৰি লব।
- এইবাৰ বিলাহী, আদা, নহৰু ,নৰসিংহ পাত আৰু পিয়াজ মিক্সিত পেষ্ট বনাই লব।
- কেৰাহীত তেল দি কণী কেইপিছ অলপ ফ্ৰাই কৰি লব।
- সেইখিনি তেলতে পেষ্ট কৰিথোৱা সামগ্ৰী খিনি দি ভাল দৰে ভাজি লব আৰু আলু কেইপিছ, নিমখ, হালধি, জলকীয়া গুৰি, জিৰাগুৰি আৰু জালুক গুৰি দি ভাল দৰে লৰাই লৰাই ভাজি জোখমতে পানী দুকাপ দিব ।
- উতল আহিলে কণী কেইডুখৰ দিব।আঞ্জা সিজি ডাঠ হলত নামাই থব।
- ইয়াত মই এটা কণী ভাঙি দিলো কাৰন কণী ভাঙি দিলে গ্ৰেভি ডাঠ হয় আৰু আঞ্জা খন বেছি সোৱাদ লগা হয়।মই দুজনৰ বাবে বনাইছিলো।

Comments
Post a Comment