চাউলৰ গুৰিৰে চিকেন চিজ ৰোল
- প্ৰিয়া সেন
চাউলৰ গুৰি দি চিকেন চিজ ৰোল
আবেলি চাহৰ লগত বা ৰাতিপুৱা ব্ৰেকফাষ্ট ৰ বাবে বৰ টেষ্টি ৰেছিপিবনাই চাবচোন।
উপকৰণ----
ৰোল বনাবলৈ লাগিব -----
চাউল গুৰি ----- ২ কাপ
পানী ------২ কাপ
নিমখ -----আধা চামুচ
মৈদা -----৪ চামুচ
পূৰ দিয়াৰ বাবে লাগিব ------
হাৰ নথকা মাংস ---- ২০০ গ্ৰাম
জালুক গুৰি ------ ১ চামুচ
পিয়াজ -----২ টা কুটি লোৱা
কেপচিকাম ----৫ চামুচ কোটি লোৱা
ছয়া চ'চ ------১ চামুচ
নিমখ ------- জোখ মতে
চিজ কিউব ---- ৪ টা
তেল ------- ৫ চামুচ
প্ৰণালী-----
প্ৰথমতে ৰোল বনাবলৈ সকলো সামগ্ৰী মিলাই ঘোল বনাই ৰাখিব ২০ মিনিটৰ বাবে ।
পূৰ বনাবলৈ মাংস খিনি সৰু সৰু কৈ কাটি লব।
আৰু চিজ কিউব সৰু সৰু কৈ কাটি লব।
মাংস খিনি ছয়া চ'চ আৰু নিমখ দি সানি ৰাখিব ২০ মিনিট|
তাৰ পিছত ননষ্টিক পেন এখন গেছত বহাই গেছ অন কৰি ২ চামুচ তেল দি পিয়াজ দিব| পিয়াঁজৰ ৰং সলনি হলত মাংস , জালুক গুৰি আৰু নিমখ দি ৪ মিনিট ঢাকি ৰাখিব । তাৰ পিছত কেপচিকাম দি লৰাই ২ মিনিট পিছত গেছ বন্ধ কৰিব।
এতিয়া এখন ননষ্টিক পেন গেছত গৰম কৰি এখন ডাঙৰ হেতাৰে এক হেতা ঘোল পেনত দি বহলাই লৈ দুয়োটা চাইড ২ মিনিট ইলুটি হিলুটি কৰি নমাই ৰাখিব ।
এতিয়া এখন এখন কে ৰুটি লৈ মাংস ভাজি দিব, কেঁচা পিয়াজ দিব আৰু চিজ দি ৰোল বনাই লৈ চ'চ দি পৰিবেশন কৰিব।
Comments
Post a Comment