কাজু কাপকেক
- নিতুমনি দাস শৰ্মা
উপকৰন----
*ময়দা জোখৰ কাপেৰে ১ কাপ
*আইচিং চুগাৰ পাউদাৰ ১/২ কাপ
*ৰিফাইন তেল ১/২কাপ
*বেকিং পাউদাৰ ৰ ১ চাহ চামুচ
*কাজুৰ গুৰি ৪ চাহ চামুচ
*কনী ২ টা
*মিল্ক চকলেট কম্পাউণ্ড ৩০ গ্ৰাম
প্ৰনালী---
প্ৰথমতে ঘূৰনীয়া পাত্ৰ এটি ত ময়দা,কাজুৰ পাউদাৰ, বেকিং পাউদাৰ, আইচিং চুগাৰ পাউদাৰ,একেলগে ডাঙৰ চেকনীৰে চালি লব আৰু তাৰ পিছত বাকি সামগ্ৰী বোৰ মিলাই হেণ্ড ব্লেণ্ডাৰেৰে ফেটি লব । এতিয়া কুকাৰত নিমখ ২কাপ দি অলপ গৰম কৰি লব তাৰ পিছত তাতে ষ্টেণ্ড এডাল বহুৱাই ষ্টিলৰ কাহী এখন ষ্টেণ্ড ৰ ওপৰত বহুৱাই লব আৰু চিলিকন মল'ড ত মিশ্ৰন খিনি আধাৰ লৈকে ঢালি কাহী খনত এটা এটা কৈ বহুৱাই কুকাৰৰ হুইচেল টো খুলি ঢাকনি খন লগাই ২০ মিনিট কম জুইত ৰাখিব | তাৰ পিছত হৈ গলে নমাই মিল্ক চকলেট কম্পাউনণ্ড গলাই কাপ কেক ৰ ওপৰত ঢালি দিব আৰু কাজুৰ গুৰি ৰে সজাই পৰিবেশন কৰিব |

Comments
Post a Comment