ডিমৰ কালিয়া
- ঝুমুৰ দে
উপকৰণ:-
(৫জনৰ বাবে)
১.কণী ৫ টা
২.কলা জিৰা
৩.নহৰু ১০-১২ টা কোহ
৪.জলকিয়া ৫-৬ টা(পিচি লোৱা)
৫.পিয়াজ ১ টা(মিহি কে কাটি লোৱা)
৬.হালধি গুৰা ১ চা:
৭.জিৰা গুৰা ১ চা:
৮.তেল ৫-৬ চা:(ৰিফাইন)
৯.নিমখ (আন্জদাজমতে)
প্ৰণালি:-
*প্ৰথমতে কণী ৫ টা সিদ্ধ কৰি বাকলি গুচাই দুুফাল কৰি লব।
*মচলাৰ কাৰনে::--ক'লাজিৰা(কালনজি) ২ চামুচ,নহৰু ৬-৭(কোহ) টা একেলগে পিচি লব।(মিশ্ৰণত অলপ চেনি দি দিব যাতে কলা জিৰাৰ তিতাটো নালাগে আৰু বৰ সোৱাদ লগা হয়)
*জলকিয়া ৫ ৬টা মান পিচি লব..(জলা কম বেচি কৰিব পাৰে)..
এতিয়া এখন কেৰাহিত ৫-৬ চামুচ তেল (ৰিফাইন তেল) গৰম কৰি তাত কাটি থুৱা পিয়াজ ১ টা অলপ সময় ভাজি নহৰু ৪-৫ টা কোহ মিহি কে কাটি অলপ সময় ভাজি তাত পিচি থোৱা জলকিয়া খিনি দি হালধী গুৰা ১চামুচ, নিমখ (আন্দাজ মতে),জিৰা গুৰা ১ চামুচ দি অলপ পানি দি ভাল কে ভাজি ১০ মিনিটৰ পাচত পিচি থোৱা ক'লা জিৰা খিনি দি ৫ মিনিট মান উতলাই লব।
*একেবাৰে শেষত দুফাল কৰা কণী খিনি দি মিশ্ৰন খিনি যেতিয়া শুকাই আহিবলে ধৰিব তেতিয়া গেচটো বন্ধ কৰি গৰম গৰম পৰিবেশন কৰিব...🙂🙂
Comments
Post a Comment