Skip to main content

নাৰিকলৰ লাড়ু - নিলাক্ষী বৰা


নাৰিকলৰ লাড়ু
- নীলাক্ষী বৰা

সকলোৱে জনা ৰেচিপি যদিও দিলো দেই বৰ সহজতে বনাব পৰা এবিধ মিঠা ব্যঞ্জন লগতে আবেলি চাহ কাপৰ লগত খোৱাৰ আমেজ ই বেলেগ আলহী আহিলেও দিব পাৰিলে ভাল লাগে এতিয়া ৰেচিপি টো দিছো

সামগ্ৰী---1/ৰুকি লোৱা নাৰিকল এটা

              2/চেনী দেৰকাপ
     
             3/ঘিউ একচামুচ

            4/পাউদাৰ গাখীৰৰ 100গ্ৰাম ৰ পেকেট এটা

প্ৰণালী--

এটা চাফাচচপেনত ৰুকি লোৱা নাৰিকল খিনি ঢালি দি লগতে চেনী মিলাই বিশমিনিট মান ৰাখি  গেছৰ ওপৰত বহুৱাই কম জুইত পাচ মিনিট ভাজি লৈ তাতে ঘিউ পাউদাৰ গাখীৰ মিলাই পোন্ধৰ মিনিট ভাজিব লাগে|

যেতিয়া চচপেনৰ কাষত নাৰিকলৰ গুৰি শুকানকৈ লাগি ধৰিব তেতিয়া গেছ বন্ধ কৰি অকণমান ঠাণ্ডা কৰি মনৰ পচন্দৰ মতে লাড়ু কৰি পৰিবেশন কৰিব লাগে|

Comments

Popular posts from this blog

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অমিতাৰ খাৰ বৰ জন

পুঠিমাছ, বিলাহী আৰু খৰিছাৰ পিতিকা আৰু হাতীভেকুৰীৰ পিতিকা - চুমু মুনমি গগৈ

পুঠিমাছ,  বিলাহী আৰু খৰিছাৰ পিতিকা আৰু হাতীভেকুৰীৰ পিতিকা - চুমু মুনমি গগৈ ১.পুঠিমাছ ,বিলাহীআৰু খৰিছাৰ পিতিকা :    উপকৰন: ১.পুঠিমাছ ৯ জনী                    ২.খৰিছা এচামুচ                    ৩.বিলাহী এফাল                    ৪.ভোটজলকীয়া এফাল                    ৫.মিঠাতেল ১ চামুচ                    ৬.নিমখ আন্দাজত                    ৭.ধনীয়া ২ ডালমান                    ৮.পিয়াজঁ এটা                     ৯.আদাৰুকা ১চামুচ পাত্ৰ এটা আগতীয়াকৈ জুইত  পুৰি চাফা কৰি লোৱা পুঠিমাছখিনি,সৰুকৈ কুটি লোৱা বিলাহী,পিয়াজঁ,ভোটজলকীয়া,খৰিছা,নিমখ,তেল,কুটি লোৱা ধনীয়া আদি সকলোবোৰ ভালদৰে মিহলাই পিতিকিলো | ২.হাতীভেকুৰীৰ পিতিকা :      উপকৰন: ১.হাতীভেকুৰী ২মুঠি                      ২.আচাৰৰ তেল এচামুচ                      ৩.পিয়াজঁ ১টা                      ৪.জলকীয়া ১টা                      ৫.নিমখ আন্দাজত হাতীভেকুৰী কেইমুঠি বইল কৰি ললো, এতিয়া হাতীভেকুৰীখিনিত নিমখ, আচাৰৰ তেল,কটা পিয়াজঁ,জলকীয়া দি ভালদৰে পিতিকিলো |

ৰোগ প্ৰতিৰোধক শক্তি বঢ়োৱা পানীয় খাদ্য

কিছুমান খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখে| যি সকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোক সহজে কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হব নোৱাৰে| ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আমি আমাৰ আহাৰত কিছুমান এনে খাদ্য খাব লাগে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে| খাদ্যৰ লগতে কিছুমান পানীয় খোৱাতো অত্যন্ত জৰুৰী যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে| তলত তেনে কিছুমান পানীয়ৰ কথা উল্লেখ কৰিলো : 01. গ্ৰীণ টি গ্ৰীণ টিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ মূলতে হৈছে ইয়াত থকা এণ্টিঅক্সিডেন্ট গুণটো|  বৰ্তমান কৰুণা মহামাৰীৰ এই সময়ছোৱাত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰীণ টি নিয়মিত সেৱন কৰা উচিত।  গ্ৰীণ টিৰ ৰেচিপি ভিডিঅ তলৰ লিংকত পাব https://youtu.be/uJtPhY7j2wg 02. চালকুঁৱৰী/ এল'ভেৰা চৰ্বত এল’ভেৰা(চালকুঁৱৰী) জুচ বা চৰ্বত অতিজৰে পৰা আয়ুৰবেদিক টনিক বা ঔষদত ব্যবহৃত হৈ আহিছে | বহুতো ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এলভেৰা জুচে শৰীৰৰ পোষণশক্তি বঢ়োৱাত সহায় কৰে| এল'ভেৰা জুচ কিদৰে প্ৰস্তুত কৰিব পাৰি ৰেচিপি ভিডিঅ'টো লিংকত ক্লিক

পূৰ দিয়া কেপচিকাম - সম্পূৰ্ণা প্ৰণৱ কাকতি

পূৰ দিয়া কেপচিকাম - সম্পূৰ্ণা প্ৰণৱ কাকতি উপকৰণ: • সিজোৱা আলু দুটা পিটিকি লব • কেপচিকাম চাৰিটা • গোটা জিৰা একচামুছ • চফ একচামুছ • নহৰু পাঁচফুটামান কুটি লোৱা • জলকীয়া তিনিটা কুটি লোৱা • ডাঙৰ পিয়াঁজ এটা কুটি লোৱা • নিমখ স্বাদ অনুসাৰে • হালধি জোখমতে • জিৰা ধনীয়া গুৰি এচামুচকৈ • মানধনীয়া পাত দুখিলা • তেল প্ৰণালী:      প্ৰথমে আলু সিজাই পিটিকি ললোঁ। তাৰ পাছত কেৰাহীত তেল দি জিৰা আৰু চফ দি নহৰু আৰু জলকীয়া কুটা দি ভাজি লৈ পিয়াঁজখিনি দি ভাজিলোঁ। তাৰ পাছত নিমখ, হালধি, জিৰা ধনীয়া গুৰি দি ভাজি গেছ কম কৰি আলুখিনি দি ভালদৰে মছলা খিনি মিহলি হোৱালৈ লৰাই থাকিলোঁ। তাৰ পাছত মানধনীয়া দুখিলা কুটি দি লৰাই নমাই থলোঁ। ( এই পুৰটো চিংৰা, মচলা dosa তো ব্যৱহাৰ কৰিব পাৰি)       কেপচিকাম কেইটা মাজতে ফালি গুটি উলিয়াই লৈ আলুৰ পূৰ ভৰাই তেলত ভাজিলোঁ। ভাজোঁতে সাৱধানে ভাজিব নহলে তেল ফুটি গাত পৰিব। একেবাৰে সিজিব দিব নালাগে। 60- 70 শতাংশহে সিজাব লাগে।       গৰমে পৰিবেশন কৰিব |

কেচা জলকীয়াৰ আচাৰ

কেচা জলকীয়াৰ আচাৰ - নিলাক্ষী বৰা সামগ্ৰী- কেচা জলকীয়া ২০০গ্ৰাম, নিমখ, হালধি এচামুকৈ, জিৰা,মিঠিগুটি,চফ,সৰিয়হ (গোটা) আধাচামুচকৈ,  হিং অকণমান,  ভিনেগাৰ চাৰিচামুচ, মিঠাতেল আধাকাপ (কেচা মিঠাতেল)। প্ৰণালী- জলকীয়া ধুই শুকুৱাই লৈ মিহিকৈ কাটি লৱ। এতিয়া জলকীয়া থোৱা পাএটোত নিমখ, হালধি, মিঠাতেল, হিং, ভিনেগাৰ লব | জিৰা,মিঠিগুটি,চফ আৰু সৰিয়হ ভাজি গুৰি কৰি লৈ মচলা খিনি মিলাই লব|  দুই তিনিদিন ৰদত দি আইনাৰ বটলত ভৰাই থৈ বহুত দিনলৈ খাব পাৰিব ফ্ৰীজত নৰখাকৈ ।

লাল চাহৰ সৈতে ছাগলীৰ মাংস - শিৱানী সাধনীদাৰ

mutton with black tea ছাগলী মাংস লাল চাহৰ সৈতে বনাবলৈ দেউতাই শিকাইছিল যিদিনা প্ৰথম বাৰ মাংস বনাবলৈ শিকিছিলোঁ😊 লাগতিয়াল সামগ্ৰী সমূহ: ছাগলী(পাঠা)৫০০ গ্ৰাম আধা চামুচ কৈ জিৰা আৰু ধুনীয়া আৰু কেইটামান জালুক  শিলপতাত পিহি লৈছোঁ। নিমখ হালধি আন্দাজ মতে | আদা ৰচুন পেষ্ট ২চামোচ।(এইখিনিও শিলপতাত পিহি লৈছোঁ) লং ২তা, ইলাচি ২তা, এডোখৰ ডালচেনি, তেজপাত ২খিলা। ভাজিবলৈ মিঠাতেল। পিয়াজ ৪তা ডাঙৰ অলপ মিহিকৈ কাটি লোৱা | লাল চাহ ১কাপ।(without suger ...লাল চাহ দিলে খুউব সুন্দৰ ৰং হয়) বনুৱাৰ পদ্ধতি: এখন কেৰাহীত খুউব ভালদৰে মিঠাতেল গৰম কৰি লং ইলাচি আৰু ডালচেনি দি গোন্ধ ওলালে কাটি থোৱা পিয়াজ খিনি  দি ৰঙচুৱা হোৱাকৈ ভাজিব। অলপ দেৰি ভজাৰ পাছত আদা ৰচুন পেষ্ট খিনি দি আৰু কেঁচা গোন্ধ আতঁৰালৈকে ভাজিব। এতিয়া পিহি থোৱা মচলা খিনি দি আৰু ৪মিনিট মান ভাজিব। নিমখ হালধি খিনি দিব। বৰ বেছি মচলা ব্যৱহাৰ কৰা নাই ।আটাইখিনি খুব ভালদৰে ভাঁজ খোৱাৰ পাছত মাংস দিব। মাংস দি প্ৰায় আধা ঘন্টা লৰাই লৰাই ভাজি থাকিব। এতিয়া তাতে লাল চাহ কাপ দি দিব।আকৌ ভাজিব ৫মিনিট।যিহেতু ছাগলী মাংস সোনকালে নিসিজে সেইবাবে মাং

মাছৰ পেতু_পুৰৈ শাক - ৰঞ্জিত নাথ

মাছৰ পেতু_পুৰৈ শাক - ৰঞ্জিত নাথ উপকৰণ = পেতু অলপ আধা বাটি হব ৩ টা পুৰৈ কুমলীয়া আগ ১ টা ডাঙৰ পিয়াঁজ ৫ কোঁহ মান নহৰু ৫ টা মান পকা জলকীয়া তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = পেতুৰ পিত গুচায় ভাল দৰে ধুই লব ।পিয়াঁজ,নহৰু,জলজীয়া কুটি লব । শাকখিনিও মিহিকে কুটি লব । তেল গৰম কৰি পেতুখিনি দিব । পেতু ভাজি তেল ওলালে পিয়াঁজ,নহৰু,জলকীয়া দি অলপ সময় ভাজি শাকখিনি দি লগতে নিমখ,হালধী দিব । ভাজি ভাজি শাক সিজিলে নমাই পৰিবেশন কৰিব ।

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ উপকৰণ = • ১ কেজি ব্ৰইলাৰ • ১ বাটি কুটি লোৱা গাজ • ১ চামুচ আদা,নহৰু পেষ্ট • ১/২ কাপ কুটি লোৱা পিয়াঁজ • ১ চামুচ জিৰা গুৰি • ২ চামুচ ধনীয়া গুৰি • ১ চামুচ পাঁচ ফূৰণ • ৩ টা শুকান জলকীয়া • ৬ টা মান কেঁচা জলকীয়া • তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ  পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া  দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন উপকৰণ- আটা মথাৰ বাবে-   পালেং শাক ১ মুঠি  আটা ৩ কাপ  নিমখ আন্দাজ মতে  জনী আধা চামুচ  চাট মছলা আধা চামুচ  ৰিফাইন তেল ৩চামুচ  গৰম পানী আন্দাজ মতে আলু পিটিকা -         আলু ৪টা ( সিজাই লোৱা)        ধনীয়া পাত এক মুঠি (কোটি লোৱা)        নহৰু কোষ ৬/৭ টা ( কোটি লোৱা)        জলকীয়া গুৰি এক চামুচ        চাট মছলা এক চামুচ        নিমখ জোখ মতে প্ৰণালী-       প্ৰথমতে উতলা পানীত পালেং শাক দি 2মিনিট ঢাকি ৰাখিব। তাৰ পিছত ঠাণ্ডা পানী দি ধুই লব আৰু মিক্সিত পেষ্ট বনাই লব। তাৰ পিছত ওপৰত দিয়া শুকান সকলো সামগ্ৰী মিলাই লৈ পালেং পেষ্ট আৰু গৰম পানী অলপ অলপ কে দি মথি লব। এতিয়া আলু খিনিৰ লগত দিয়া সকলো সামগ্ৰী একে লগে সানি লব। তাৰ পিছত আটা খিনি  একে চাইজৰ লাড়ু বনাই লৈ এটা এটা কে লাড়ু বেলি তাত আলু ষ্টাফিং ভৰাই অলপ বহলকে বেলি লৈ পৰঠা ভাজি ঘি লগাই গৰমে  গৰমে টমেট চচ ৰ লগত পৰিবেশন কৰিব।

প্ৰতিদিনে আমাৰ শৰীৰত কিমান পানীৰ প্ৰয়োজন

   প্ৰতিদিনে আমি কিমান পানী খোৱা উচিত ? ইয়াৰ উত্তৰ হিচাপে নিশ্চয় আমি কৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছো যে দৈনিক আমি দুই লিটাৰ বা আঠ গ্লাচ পানী খাব লাগে | কিন্তু পানী খোৱাৰ পৰিমান ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে | যি সকলে অত্যাধিক শাৰিৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা বেছি হব পাৰে| যি সকলে সূৰ্য্যৰ প্ৰখৰ ৰদত পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা দিনতো শীত-তাপ কোঠাত অতিবাহিত কৰা লোক এজনৰ লগত নিমিলিবও পাৰে | সেয়েহে পানী খোৱাৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধিব পৰা নাযায়, শৰীৰৰ প্ৰয়োজন অনুসৰি পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়| National Academics of Science Engineering and Medicine  ৰ মতে এজন প্ৰপ্তবয়স্ক লোকৰ শৰীৰত প্ৰয়োজনীয় পানীৰ পৰিমান পুৰুষৰ ক্ষেত্ৰত : 3.7 লিটাৰ মহিলাৰ ক্ষেত্ৰত : 2.7 লিটাৰ কিন্তু এই পানীৰ পৰিমান কেৱল যে পানী খায়ে পূৰ কৰিব লাগে তেনে নহয় | আমি গ্ৰহণ কৰা অন্যান্য খাদ্য আৰু পানীয়ৰ যোগেদিও এই প্ৰয়োজনীয়তা পূৰণ হয় যেনে : বিভিন্ন ফলমূল, ফলৰ ৰস, চাহ, গাখীৰ ইত্যাদি | আমি আমাৰ দেহত প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰাবলৈ খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ পিছৰ পানী  খাব লাগে |  ঘাম