তিতা কেৰেলাৰ চাট্নি
- মুন দত্ত
উপকৰণ =
১ = তিতা কেৰেলা ৪ টা
২ = সৰিয়হ বটা এক চাহ চামুচ
৩ = কেচাঁ জলকীয়া ২ টা
৪ = ধনিয়া পাত এমুঠি
৫ = নিমখ / তেল আন্দাজমতে
#প্ৰণালী =
তিতা কেৰেলা কেইটা ধুই গেছৰ ওপৰত জালনা এখন পাটী তাৰ ওপৰত কেৰেলা কেইটা দি গেছৰ ষ্টীম কমাই দিলোঁ ৷ মাজে মাজে লুটিয়াই দিছোঁ ৷ সিজিলত কেৰেলা কেইটা ওপৰৰ জলী জোৱা ক’লা অংশবোৰ এখন চাফা কাপোৰে মচি ললোঁ ৷ এতিয়া কেৰেলা ; সৰিয়হ ; কুটিলোৱা ধনিয়া ; জলকীয়া আৰু নিমখ দি ভালকৈ মিস্কিত পিছি ললোঁ ৷ তাৰপৰা বাটি এটাত উলিয়াই সামান্য কেঁচা মিঠাতেল দি মিহলাই পৰিবেশন কৰিলোঁ৷

Comments
Post a Comment