তিলৰ লাড়ু
- পূৰৱী পাঠক
উপকৰণ:
১.তিল -১কাপ
২.গুৰ - ১/২ কাপ
৩.পানী - জোখমতে লৱ
প্ৰনালী:
প্ৰথমে তিলখিনি ধুই ৰ'দত শুকুৱাই লৱ|
তাৰপিছত এখন কেৰাহীত কম জুইত শুকানকৈ তিলখিনি ভাজিব যাতে তিলৰ নিজৰ ধুনীয়া গোন্ধটো ওলায় ।
তাৰ পিছত গুৰ আৰু জোখমতে পানী কেৰাহীত উতলিব দি, উতলি ঘন হৈ অহাত ভাজি থোৱা তিলখিনি তাত মিলাই দি লৰাই থাকি মিশ্ৰনখিনি ভালদৰে মিলি গৈ ডাঠ হৈ আঠা আঠা হোৱাৰ পিছত নমাই লৈ গৰমে গৰমে লাড়ু বান্ধিব।
Comments
Post a Comment