বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ উপকৰণ = • ১ কেজি ব্ৰইলাৰ • ১ বাটি কুটি লোৱা গাজ • ১ চামুচ আদা,নহৰু পেষ্ট • ১/২ কাপ কুটি লোৱা পিয়াঁজ • ১ চামুচ জিৰা গুৰি • ২ চামুচ ধনীয়া গুৰি • ১ চামুচ পাঁচ ফূৰণ • ৩ টা শুকান জলকীয়া • ৬ টা মান কেঁচা জলকীয়া • তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।
Comments
Post a Comment