কুলথি ডালিৰ সৈতে বাহু মাছৰ মূৰ
- প্ৰিয়া সেন
এই ডালি বহু উপকাৰী যেনে ডায়েবেটিচ বেমাৰীৰ বাবে খোৱা প্ৰয়োজন আৰু কিডনী স্টোন হলেও এই ডালি ৰাতি তিয়াই ৰাখি তাৰ পানী খালে উপকাৰ পোৱা যায় যদিও এই ডালি আমাৰ ইয়াত সহজে পোৱা নাযায় ।
উপকৰণ------
৬ জনৰ বাবে লাগিব
প্ৰণালী----
প্ৰথমতে ডালিখিনি ধুই ৰদত দি শুকাই লব।
এতিয়া শুকান কেৰাহীত ভাজি লব তাৰ পিছত শিল পাটাত অলপ আধা ভঙাকৈ বটি লব ।তাৰ পিছত ডলা এখনত লৈ অলপ জাৰি লৈ বাকলি গুচাই লব ।তাৰ পিছত মিক্সিত দি গুৰিকৰি লব ।
মই একেবাৰে পাউদাৰ যেন কৰা নাই।
এতিয়া এখন কেৰাহীত তেল গৰম কৰি মাছৰ মূৰ হালধি নিমখ দি ভাজি উঠাই ৰাখিব।
এতিয়া সেই তেলত জীৰা , শুকান জলকীয়া দি ভাজি পিয়াজ দি ভাজিব তাৰ পিছত আধা কাপ পানী দি গুৰি মছলা গুলি লৈ তেলত দি অলপ সময় ভাজিব আৰু ডালি দিব লগত মূৰ দিব|
তাত পিছত আধা লিটাৰ পানি দি ঢাকি উতলিবলৈ দিব ২০ মিনিট মান ।
তাৰ পিছত গৰম মছলা আৰু ধনীয়া পাত দি পৰিবেশন কৰিব।
এই ডালি মাছৰ জোলকণ বৰ টেষ্টি হয় খাবলৈ।

- ডালি একাপ
- পিয়াজ ১ টা কুটি লব
- কেঁচা জলকীয়া ৪ টা মান
- শুকান জলকীয়া ২টা
- গোটা জীৰা ১/২ চামুচ
- জীৰা গুৰি ১ চামুচ
- জলকীয়া গুৰি ১ চামুচ
- মাছৰ মূৰ ১ টা
- মিঠা তেল ৪ চামুচ
- নিমখ জোখ মতে
- হালধি গুৰি জোখ মতে
- গৰম মছলা গুৰি ১/৪ চামুচ
- ধনীয়া পাত এক মুঠি
প্ৰণালী----
প্ৰথমতে ডালিখিনি ধুই ৰদত দি শুকাই লব।
এতিয়া শুকান কেৰাহীত ভাজি লব তাৰ পিছত শিল পাটাত অলপ আধা ভঙাকৈ বটি লব ।তাৰ পিছত ডলা এখনত লৈ অলপ জাৰি লৈ বাকলি গুচাই লব ।তাৰ পিছত মিক্সিত দি গুৰিকৰি লব ।
মই একেবাৰে পাউদাৰ যেন কৰা নাই।
এতিয়া এখন কেৰাহীত তেল গৰম কৰি মাছৰ মূৰ হালধি নিমখ দি ভাজি উঠাই ৰাখিব।
এতিয়া সেই তেলত জীৰা , শুকান জলকীয়া দি ভাজি পিয়াজ দি ভাজিব তাৰ পিছত আধা কাপ পানী দি গুৰি মছলা গুলি লৈ তেলত দি অলপ সময় ভাজিব আৰু ডালি দিব লগত মূৰ দিব|
তাত পিছত আধা লিটাৰ পানি দি ঢাকি উতলিবলৈ দিব ২০ মিনিট মান ।
তাৰ পিছত গৰম মছলা আৰু ধনীয়া পাত দি পৰিবেশন কৰিব।
এই ডালি মাছৰ জোলকণ বৰ টেষ্টি হয় খাবলৈ।
Comments
Post a Comment