কেচা জলকীয়াৰ আচাৰ
- নিলাক্ষী বৰা
সামগ্ৰী-
- কেচা জলকীয়া ২০০গ্ৰাম,
- নিমখ, হালধি এচামুকৈ,
- জিৰা,মিঠিগুটি,চফ,সৰিয়হ (গোটা) আধাচামুচকৈ,
- হিং অকণমান,
- ভিনেগাৰ চাৰিচামুচ,
- মিঠাতেল আধাকাপ (কেচা মিঠাতেল)।
প্ৰণালী-
- জলকীয়া ধুই শুকুৱাই লৈ মিহিকৈ কাটি লৱ।
- এতিয়া জলকীয়া থোৱা পাএটোত নিমখ, হালধি, মিঠাতেল, হিং, ভিনেগাৰ লব |
- জিৰা,মিঠিগুটি,চফ আৰু সৰিয়হ ভাজি গুৰি কৰি লৈ মচলা খিনি মিলাই লব|
- দুই তিনিদিন ৰদত দি আইনাৰ বটলত ভৰাই থৈ বহুত দিনলৈ খাব পাৰিব ফ্ৰীজত নৰখাকৈ ।
Comments
Post a Comment