Skip to main content

এগ বিৰিয়ানি পাইনাপেল ফ্লেভাৰ


এগ বিৰিয়ানি পাইনাপেল ফ্লেভাৰ
- প্ৰনীতা দাস


উপকৰন-


  • কনী ৪ টা
  • আলু ৪ টা
  • আনাৰস এটুকুৰা সৰু
  • পিয়াঁজ ৪ টা
  • নহৰু ১ টা
  • আদা এটুকুৰা
  • জিৰা গুৰি ১ চামুচ
  • ধনিয়াৰ গুৰি
  • জলকীয়া গুৰি
  • গৰম মচলা
  • বিলাহী ২ টা
  • দৈ ২ চামুচ
  • কেশৰ ১০ ডাল
  • গাখীৰ ২ চামুচ
  • ঘীউ ১ চামুচ
  • সৰিয়হৰ তেল জোখমতে
  • তেজপাত ২ খিলা
  • শুকান জলকীয়া ২ টা
  • নিমখ জোখমতে
  • হালধি জোখমতে


প্ৰনালী-


  1. কনী আৰু আলু সিজাই লৈ বাকলি গুচাই কাটা চামুচেৰে খুচি লব । 
  2. আনাৰস টুকুৰা সৰু সৰুকৈ কুটি লব । 
  3. পিয়াঁজ মিহিকৈ কুটি লব । 
  4. আদা নহৰু বটি লব । 
  5. কেশৰ খিনি গাখীৰত তিয়াই থব । 
  6. কেৰাহীত তেল গৰম দি আধা খিনি পিয়াজ বাদমী ৰঙ হোৱাকৈ ভাজি থব। 
  7. চাউল খিনি ধুই নিমখ দি আধা সিজাই লব । 
  8. তাৰ পিছত সিজোৱা কনী আৰু আলু নিমখ হালধি দি ভাজি উঠাই থব । 
  9. আনাৰস খিনিও ভাজি উঠাই থব । 
  10. তাৰ পিছত তেলত এচামুচ চেনি দি ৰঙচুৱা হলে তেজপাত , শুকান জলকীয়া , পিয়াজ , আদা নহৰু পেষ্ট দি ভাজিব । 
  11. এটা বিলাহী কুটি দি ভালদৰে ভাজি জিৰা গুৰি , ধনীয়া গুৰি আৰু গৰম মছলা , জলকীয়া গুৰি দি ভাজি দৈ আৰু অলপ পানী দি ঢাকনি মাৰি গোটেই বোৰ ভালদৰে মিহলাই ভাজি লব। 
  12. এতিয়া আলু আৰু কনী দিব , ওলপ গ্রেভী হলে নমাই থব । 
  13. তাৰ পিছত এটা কুকাৰত এমুঠি সিজোৱা চাউল দিব , আৰু আগতে ভাজি থোৱা পিয়াজ ভালদৰে দিব , ভাজি থোৱা আনাৰস দিব ।
  14. আৰু কনীৰ গ্রেভী অলপ দিব আকৌ চাউল দিব আকৌ কনী আৰু আলু দিব , আকৌ পিয়াজ দিব , আনাৰস দিব । 
  15. তাৰ ওপৰত গাখীৰত তিয়াই থোৱা কেশৰ খিনি ঢালি দিব আৰু শেষত এক চামুচ ঘিউ দি পানী এক গিলাচ দি ঢাকনি মাৰি দিব । 
  16. এটা হুইছেল দি নমাই থব । অলপ পিছত কুকাৰৰ চিটি টো চামুচ এখনেৰে গেচ যাবলৈ দিব । 
  17. নিজে গেছ যাবলৈ দিলে বেছি সিজিব ।

Comments

Popular posts from this blog

অসমীয়াৰ প্ৰিয় আলু পিটিকা

  Aloo Pitika  আলু পিটিকা  একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা  mashed potato.  কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক  আলু চৌখা  বুলি কয় | অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়| অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু  কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহব...

ওলকবি, আলু আৰু বিলাহীৰ লগত মাছৰ আঞ্জা - নিলাক্ষী বৰা

ওলকবি, আলু আৰু বিলাহীৰ লগত মাছৰ আঞ্জা - নিলাক্ষী বৰা এজনৰবাবে উপকৰণ-   ১/ওলকবিদুটা                  ২/আলুএটা                   ৩/বিলাহীএটা                   ৪/কেচাজলকীয়া দুটা                   ৫/মিঠাতেল দুচামুচ                  ৬/পিচা আদা নহৰু একচামুচ                  ৭/পিয়াজ এটা                  ৮/নিমখ হালধি জোখমতে                  ৯/জীৰা ধনীয়া জলকীয়া পাউদাৰ একচামুচ                  ১০/ধনীয়া এমুঠি                  ১১/চিতলমাছ এটুকুৰা প্ৰণালী- মাছ ধুই নিমখ হালধীয়া সানি কেৰাহী গৰম কৰি মিঠাতেল দি ভাজি লৈ সেই তেলতে ক...

সহজ নাৰিকলৰ কেক

  কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি  অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক  বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো| নাৰিকলৰ কেক , য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম | বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে | বিস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |  খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো | সহজ নাৰিকলৰ কেক | No-Bake Easy Frozen Coconut Cake  📎 Course :  Dessert  📎Cuisine :  Co...

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ উপকৰণ = • ১ কেজি ব্ৰইলাৰ • ১ বাটি কুটি লোৱা গাজ • ১ চামুচ আদা,নহৰু পেষ্ট • ১/২ কাপ কুটি লোৱা পিয়াঁজ • ১ চামুচ জিৰা গুৰি • ২ চামুচ ধনীয়া গুৰি • ১ চামুচ পাঁচ ফূৰণ • ৩ টা শুকান জলকীয়া • ৬ টা মান কেঁচা জলকীয়া • তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ  পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া  দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।

পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা ) - নীলাক্ষী বৰা

বিহু আহি পদূলি মুখ পালেহিয়ে, সেয়েহে আগতীয়াকৈ পিঠাকেইটা মান বনালো জুতি লবলৈ| পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা ) - নীলাক্ষী বৰা সামগ্ৰী-- কেচাপিঠাগুৰি 200গ্ৰাম   ৰঙালাউৰ টুকুৰা এটা   গুৰ100গ্ৰাম (মনগলে কম বেছি কৰিব পাৰে )  নিমখ একচিকুত প্ৰণালী--- প্ৰথমতে ৰঙালাউ টুকুৰা  বাকলি গুচাই টুকুৰা কৰি সিজাই লৈ হাতেৰে মোহাৰি লৱ| তাতে নিমখ দি অলপ অলপ কৰি পিঠাগুৰি যোগকৰি এটা মিশ্ৰণ তৈয়াৰ কৰি লৱ| এটা কেৰাহীত মিঠাতেল গৰম কৰি তাতে মিশ্ৰণ খিনিৰ পৰা অকণ অকণ লৈ ঘিলাপিঠাৰ আকৃতি দি কমজুইত ভাজি ললো|  বেলেগ এটা কেৰাহীত গুৰু খিনি দি তাতে পানী একাপ দি উতলাই অলপ ডাঠ কৰি বনোৱা পিঠা খিনি তাত জুবুৰিয়াই দি পাচমিনিটমান উতলাই ঢাকন মাৰি ঠাণ্ডা হবলৈ দিলো|   ঠাণ্ডা হোৱাৰ পিচত অলপ গুৰৰৰসত মিলি যায় এই পিঠা খাবলৈ বৰ সোৱাদ হয় এই ৰঙালাউৰ পিঠা| 

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অম...

ভাৰজিন মজিট (Virgin Mojito) শীতল পানীয়ৰ ৰেচিপি

Virgin Mojito শীতল পানীয়ৰ ৰেচিপি -  পুলিন বৰা  উপকৰণ:                                                     পুদিনা পাত , চদা (Soda),  নেমু চেপি লোৱা ,  গোল নেমুৰ টুকুৰা,  চেনী জোখমতে,  বৰফ      প্ৰনালী: এটা গিলাচত চেনী ২ চামোচ দি ,পুদিনা পাত কেইটামান,  নেমু টুকুৰা কেইটা দি   কাঠৰ মাদলাৰ এদালে   অলপ মিহলি কৰি বৰফ কেইটুকুৰা দি লৰায় দিলো | ভালদৰে মিহলি হোবাত চদা অলপ দি আকৌ লৰায় দিলো |  দেখিব ধুনীয়া হোৱাকৈ ভাল পুদিনা আগ ১টা, নেমু এটুকুৰা বাকলি এৰুবাই সজায় দিলো | চদা সলনি পানী দিও খাব পাৰে | চদা দিলে বুৰবুৰনি বাবে বেছি ভাল হয়  |গৰমত বহুত ভাল পানীয় এইবিধ|

নীল কঁচুৰ চাটনি - সম্পূৰ্ণা প্ৰণৱ কাকতি

নীল কঁচুৰ চাটনি - সম্পূৰ্ণা প্ৰণৱ কাকতি   এইবিধ কচু প্ৰায় ভাজি খোৱা হয়। কিন্তু ইয়াৰ চাটনিও বৰ সোৱাদ হয়। নোখোৱাসকলে কেতিয়াবা খাই চাবচোন। উপকৰণ: • কচু ঠাৰি এডাল • নহৰু তিনিফুটা • আদা এটুকুৰা • জলকীয়া নিজৰ জোখত • নিমখ জোখমতে • নেমু ৰস দুই টেবুলচামুছ প্ৰণালী:             কচু ঠাৰিৰ চোচ গুচাই লৈ ধুই সকলোখিনি উপকৰণ মিক্সিত পিছি লব লাগে। নেমুৰ সলনি অন্য টেঙাও লব পাৰে।

ৰঙালাউৰ পুডিং

ৰঙালাউৰ পুডিং -  নীলাক্ষী বৰা সামগ্ৰী- সৰু ৰঙালাউৰ এটাৰ চাৰিভাগৰ এভাগ, গাখীৰ আধালিটাৰ, চেনী আধাকাপ, মিল্কমেইদ তিনিচামুচ, ঘিউ এচামুচ,  চাইনা গ্ৰাচ অলপ(তিনি গ্ৰাম মান ) প্ৰণালী- ৰঙালাউ কাটি টুকুৰা কৰি সিজাই লব|  মিস্কিত অকণমান গাখীৰ দি ৰঙালাওৰ পেষ্ট বনাই লব|  এটিয়া এটা ননষ্টিক পাএত গাখীৰ খিনি ভালকৈ উতলাই অলপ ডাঠ কৰি লব|  আনহাতে চাইনাগ্ৰাচত গৰম পানী মিলাই অলপ সময় ৰাখি উতলাই গলাই লব|  উতলা গাখীৰত মিল্কমেইদ আৰু ঘিউ মিলাই তাতে ৰঙালাউৰ পেষ্ট মিলাই আৰু অকণমান উতলাই চাইনা গ্ৰাচ মিলাই ভালকৈ লৰাই অলপ ডাঠকৰি গেচ বন্ধ কৰি এটা ঘিউ সানা পাএত ঢালি দি আধাঘণ্টা ৰাখি ঠাণ্ডা কৰি ফ্ৰীজত আধাঘণ্টা মান ৰাখি পৰিবেশন কৰিব|  মই চকলেট চিপচ দি পৰিবেশন কৰিলো।

হালধী কিয় খাব লাগে

  গছৰ মূলৰ পৰা হোৱা হালধী অতিজৰে পৰাই খাদ্যত ব্যবহাৰ হোৱাৰ লগতে প্ৰসাধন সামগ্ৰী, কাপোৰত ৰং কৰাৰে পৰা নানা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যবহৃত হৈ আহিছে |  কৰকিউমিন (curcumin) হৈছে হালধীত নিৰ্হিত হৈ থকা এবিধ সক্ৰিয় উপাদান| ই এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াৰ প্ৰজ্বলক বিৰোধি (এণ্টি ইনফ্লেমেটৰি) গুণো আছে | ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰাই হালধী ব্যবহৃত হৈ আহিছে| বিভিন্ন খাদ্য ৰেচিপিত ৰং আৰু সোৱাদৰ বাবে হালধীৰ ব্যবহাৰ কৰাৰ লগতে গাখীৰত হালধী দি খোৱাৰো নিয়ম আছে | হালধী কেঁচা আৰু গুৰি দুয়োটা ৰূপতে ভাৰতীয় ৰন্ধনশৈলীত ব্যবহৃত হৈ আহিছে | খাদ্যত ৰং আৰু সোৱাদ বঢ়োৱাৰ লগতে নানান স্বস্থ্যজনিত কাৰনতো হালধী খাব লাগে| হালধীৰ গুণবোৰ তলত উল্লেখ কৰিলো : হালধীয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত সহায় কৰে | হালধীত থকা Lipopolysaccharide নামৰ উপাদান বিধত এণ্টি-বেকটেৰিয়েল, এণ্টি-ভাইৰেল আৰু এণ্টি-ফানগেল গুণ আছে যিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে|  হালধী এবিধ প্ৰকৃতিক এণ্টিচেপটিক হিচাপেও কাম কৰে | কটা, জ্বলা আৰু ঘা হলে হালধীৰ পেষ্ট লগালে সুফল পোৱা যায় |  কাৰোবাৰ হজম শক্তি কমি আহ...