এগ বিৰিয়ানি পাইনাপেল ফ্লেভাৰ
- প্ৰনীতা দাস
উপকৰন-
- কনী ৪ টা
- আলু ৪ টা
- আনাৰস এটুকুৰা সৰু
- পিয়াঁজ ৪ টা
- নহৰু ১ টা
- আদা এটুকুৰা
- জিৰা গুৰি ১ চামুচ
- ধনিয়াৰ গুৰি
- জলকীয়া গুৰি
- গৰম মচলা
- বিলাহী ২ টা
- দৈ ২ চামুচ
- কেশৰ ১০ ডাল
- গাখীৰ ২ চামুচ
- ঘীউ ১ চামুচ
- সৰিয়হৰ তেল জোখমতে
- তেজপাত ২ খিলা
- শুকান জলকীয়া ২ টা
- নিমখ জোখমতে
- হালধি জোখমতে
প্ৰনালী-
- কনী আৰু আলু সিজাই লৈ বাকলি গুচাই কাটা চামুচেৰে খুচি লব ।
- আনাৰস টুকুৰা সৰু সৰুকৈ কুটি লব ।
- পিয়াঁজ মিহিকৈ কুটি লব ।
- আদা নহৰু বটি লব ।
- কেশৰ খিনি গাখীৰত তিয়াই থব ।
- কেৰাহীত তেল গৰম দি আধা খিনি পিয়াজ বাদমী ৰঙ হোৱাকৈ ভাজি থব।
- চাউল খিনি ধুই নিমখ দি আধা সিজাই লব ।
- তাৰ পিছত সিজোৱা কনী আৰু আলু নিমখ হালধি দি ভাজি উঠাই থব ।
- আনাৰস খিনিও ভাজি উঠাই থব ।
- তাৰ পিছত তেলত এচামুচ চেনি দি ৰঙচুৱা হলে তেজপাত , শুকান জলকীয়া , পিয়াজ , আদা নহৰু পেষ্ট দি ভাজিব ।
- এটা বিলাহী কুটি দি ভালদৰে ভাজি জিৰা গুৰি , ধনীয়া গুৰি আৰু গৰম মছলা , জলকীয়া গুৰি দি ভাজি দৈ আৰু অলপ পানী দি ঢাকনি মাৰি গোটেই বোৰ ভালদৰে মিহলাই ভাজি লব।
- এতিয়া আলু আৰু কনী দিব , ওলপ গ্রেভী হলে নমাই থব ।
- তাৰ পিছত এটা কুকাৰত এমুঠি সিজোৱা চাউল দিব , আৰু আগতে ভাজি থোৱা পিয়াজ ভালদৰে দিব , ভাজি থোৱা আনাৰস দিব ।
- আৰু কনীৰ গ্রেভী অলপ দিব আকৌ চাউল দিব আকৌ কনী আৰু আলু দিব , আকৌ পিয়াজ দিব , আনাৰস দিব ।
- তাৰ ওপৰত গাখীৰত তিয়াই থোৱা কেশৰ খিনি ঢালি দিব আৰু শেষত এক চামুচ ঘিউ দি পানী এক গিলাচ দি ঢাকনি মাৰি দিব ।
- এটা হুইছেল দি নমাই থব । অলপ পিছত কুকাৰৰ চিটি টো চামুচ এখনেৰে গেচ যাবলৈ দিব ।
- নিজে গেছ যাবলৈ দিলে বেছি সিজিব ।
Comments
Post a Comment