কঠালগুতিৰ পিঠালি : ৰাভা সম্প্ৰদায়ৰ পৰম্পৰাগত খাদ্য
- পূৰৱী পাঠক
কঠালগুতিৰ পিঠালি এটি ৰাভা সম্প্ৰদায়ৰ পৰম্পৰাগত থলুৱা খাদ্য |
উপকৰণ -
- কঠালগুতি -১০/১২ টা
- পিঠাগুৰি -১/২ কাপ
- জলকীয়া -৩ টা
- চদা খাৰ - ১/২ চামুচ
- পানী -৩ কাপ
- নিমখ জোখমতে লৱ।
প্ৰণালী -
- প্ৰথমে কঠালগুতিকেইটাৰ বাকলি গুচাই খুন্দনাত ঠেতালি লৱ|
- তাৰপিছত কেৰাহীত ৩ কাপ পানী দি উতল অহাত কঠালগুতি আৰু চদাখাৰ দি উতলিব দিব।
- অলপ সময় ভালদৰে উতলি কঠালগুতি সিজাত পিঠাগুৰি খিনি অলপ পানীত ভালদৰে গুলি লৈ অলপ অলপ কৈ কেৰাহীত দি দিব।
- জলকীয়া কেইটা কাটি দি জোলখন ডাঠ হ'লে নমাই গৰমে গৰমে পৰিৱেশন কৰিৱ।
(আপোনালোকে তৰকাৰী খনৰ ৰংটো মন কৰকচোন একদম কঠালগুতিৰ বাকলিৰ ৰংটো আহি খুব সুন্দৰ হয় তৰকাৰী খন দেখিবলৈ।)
Comments
Post a Comment